নিউজ ডেস্ক, 22 এপ্ৰিলঃ ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদে জাৰি কৰিছে এক পৰামৰ্শৱলী । এই পৰামৰ্শৱলীত কৰ'ণা ভাইৰাছৰ হটস্পট এলেকাত COVID-19 ৰোগীৰ লক্ষণৰ পৰীক্ষণ সম্পৰ্কে উল্লেখ আছে ।
Rapid Antibody পৰীক্ষণ কি?
যেতিয়া কোনো ব্যক্তি ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়,তেতিয়া নিজৰ শৰীৰে এন্টিবডি তৈয়াৰ কৰে।এই এন্টিবডি সমূহ Rapid Antibody পৰীক্ষণৰ দ্বাৰা নিৰ্ণয় কৰিব পাৰি। এন্টিবডি কেৱল তেজত থাকে আৰু য়িয়ে কৰ'ণা ভাইৰাছত লোকজন আক্ৰান্ত হয় নে নহয় নিশ্চিত কৰে ।
সন্দেহ কৰা লোকৰ পৰা তেজৰ নমুনা লোৱা হয় । তাৰ পাচতে পৰীক্ষা কৰি 15-20 মিনিটৰ ভিতৰত ফলাফল লোৱা হয় । ডাক্তৰে কয় যে,ভাইৰাছ দেহত সোমালে দেহে একধৰণৰ অস্ত্ৰৰ তৈয়াৰ কৰে,যাক এন্টিবডিজ বুলি জানো। এন্টিবডিজ সমূহ ভাইৰাছৰ সম্পূৰ্ণ বিপৰীত হয় ।
এজন ব্যক্তি, যিয়ে ভাইৰাছৰ বাবে পৰীক্ষণ কৰা নাই,নিজৰ সক্ষমতাৰে ৰোগৰ পৰা সকাহ পালে,তেওঁৰো এন্টিবডিৰ দ্বাৰা ৰোগৰ বিষয়ে জানিব পৰা যাব ।
এই পৰীক্ষণ ভাৰতৰ COVID-19 হটস্পটএলেকাত কৰিবৰ বাবেহে ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদে অনুমতি দিছে । এই পৰীক্ষণৰ দ্বাৰা কম সময়ত আৰু কম সময়ত ফলাফল পাব পাৰি ।