অনুচ্ছেদ 370 বাতিলঃ সকলো ৰাজ্যৰে আৰক্ষী বিভাগক সক্ৰিয় হৈ থাকিবলৈ নিৰ্দেশনা - অনুচ্ছেদ 370 বাতিলকৰণৰ প্ৰস্তাৱ
সোমবাৰে সদনত অনুচ্ছেদ 370ৰ বাতিলকৰণৰ প্ৰস্তাৱ উত্থাপন কৰাৰ পিচতেই দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ আৰক্ষী বিভাগক অধিক সক্ৰিয় হৈ থাকিবলৈ নিৰ্দেশনা দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷ তেলেংগানা আৰক্ষী সঞ্চালকপ্ৰধান তথা জ্যেষ্ঠ আৰক্ষী বিষয়া মহেন্দৰ ৰেড্ডীয়ে প্ৰকাশ কৰিছে এই তথ্য ৷
নিউজ ডেস্ক, 5 আগষ্টঃ অনুচ্ছেদ 370 বাতিলকৰণৰ প্ৰস্তাৱৰ পিচতেই দেশৰ সকলো ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী বিভাগসমূহক অধিক সক্ৰিয় হৈ থাকিবলৈ নিৰ্দেশনা দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷ গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ প্ৰস্তাৱ সদনত উত্থাপন কৰাৰ পিচতেই এইদৰে নিৰ্দেশনা প্ৰদান কৰিছে মন্ত্ৰালয়ে ৷ এই কথা প্ৰকাশ কৰিছে তেলেংগানা আৰক্ষীৰ সঞ্চালকপ্ৰধান মহেন্দৰ ৰেড্ডীয়ে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ পিচতেই ৰাজ্যখনৰ হায়দৰাবাদ আৰু চাইবাৰবাদ আৰক্ষী আয়োগৰ অধীনৰ বিভিন্ন স্থানত জাৰি কৰা হৈছে 144 ধাৰা ৷ ইয়াৰ লগতে ৰাজ্যখনত সকলো ধৰণৰ ৰেলী আৰু সমদল বাতিল কৰা হৈছে বুলিও প্ৰকাশ কৰে আৰক্ষী সঞ্চালকপ্ৰধান মহেন্দৰ ৰেড্ডীয়ে ৷