জম্মু-কাশ্মীৰত ছাত্ৰ-ছাত্ৰীৰ মাজত আনন্দৰ লহৰ !
সম্পূৰ্ণ চাৰিটা দিনৰ অন্তত জম্মুকাশ্মীৰৰ উধমপুৰ জিলাত খোলা হ'ল সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান ৷
নিউজ ডেক্স,9 আগষ্টঃজম্মু-কাশ্মীৰত 370 ধাৰা বাতিল কৰাৰ পিছত ৰাজ্যখনত সৃষ্টি হৈছিল উত্তেজনাময় পৰিস্থিতিৰ ৷ যাৰ ফলত সমগ্ৰ দেশ খনত জাৰি কৰা হৈছিল 144 ধাৰা ৷ ইয়াৰ পৰিণতিত বন্ধ হৈ পৰে সকলো বিদ্যালয়, মহাবিদ্যালয় ৷ স্তব্ধ হয় পাঠদান প্ৰক্ৰিয়া ৷ কিন্তু ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে সমগ্ৰ পৰিস্থিতি ৷ শুকুৰবাৰে মুঠ চাৰিটা দিনৰ অন্তত উধমপুৰ জিলাত খোলা হয় সকলো ধৰণৰ চৰকাৰী আৰু বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান ৷ যাৰ ফলত আনন্দিত হৈ পৰিছে সকলো ছাত্ৰ-ছাত্ৰী ৷ যেন স্বস্তিৰ নিশ্বাস পেলাইছে সকলোৱে ৷