অসম

assam

ETV Bharat / bharat

ক'ৰণা ভাইৰাছঃ 31 মাৰ্চলৈ বন্ধ থাকিব দিল্লীৰ সকলো প্ৰাথমিক বিদ্যালয় - 31 মাৰ্চলৈ বন্ধ থাকিব দিল্লীৰ সকলো প্ৰাথমিক বিদ্যালয়

ইতিমধ্যে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ক'ৰোণা ভাইৰাছত আক্ৰান্ত হৈছে এজন লোক ৷

31 মাৰ্চলৈ বন্ধ থাকিব দিল্লীৰ সকলো প্ৰাথমিক বিদ্যালয়
31 মাৰ্চলৈ বন্ধ থাকিব দিল্লীৰ সকলো প্ৰাথমিক বিদ্যালয়

By

Published : Mar 5, 2020, 11:43 PM IST

নিউজ ডেস্ক, 5 মাৰ্চঃ ক'ৰোণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক 31 মাৰ্চলৈ দিল্লীৰ সকলো প্ৰাথমিক বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে কেজৰিৱাল চৰকাৰে ৷ ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়ৰ লগতে চৰকাৰী, বেচৰকাৰী আদি সকলো অনুষ্ঠান-প্ৰতিষ্ঠানো বন্ধ থাকিব বুলি বৃহস্পতিবাৰে জানিবলৈ দিয়ে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী মনীশ শিশোদিয়াই ৷ ক'ৰোণা ভাইৰাছৰ বাবে ৰাজ্যখনৰ কাৰ্যলয়সমূহৰ "biometric attendance" সমূহো অস্থায়ীভাৱে বন্ধ কৰা হৈছে ৷

লগতে পঢ়কঃ গৌৰৱ গগৈৰ সৈতে 7 জন সাংসদক লোকসভাৰ পৰা নিলম্বন

উল্লেখ্য যে, ইতিমধ্যে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ক'ৰোণা ভাইৰাছত আক্ৰান্ত হৈছে এজন লোক ৷ ইৰাণাৰ পৰা উভতি অহা মধ্যবৰ্ষীয় এই ব্যক্তিজন ভাৰতৰ 30 নম্বৰ জন ক'ৰোণা ভাইৰাছত আক্ৰান্ত ব্যক্তি বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details