অসম

assam

ETV Bharat / bharat

COVID-19 ত মৃত্যু হ'লে জীৱন বীমাৰ ধন লাভ কৰিব গ্ৰাহকৰ পৰিয়ালে - কোভিড-১৯

জীৱন বীমা কাউন্সিলে COVID-19 ত মৃত্যু বৰণ কৰা লোকৰ ক্ষেত্ৰত ফৰ্চ ম্যেজিউৰ ধাৰাটো প্ৰয়োগ নহ'ব আৰু বেচৰকাৰী ৰাষ্ট্ৰ চালিত সংঞ্চালিত সকলোৱে এই নিয়ম মানি চলিব বুলি উল্লেখ কৰে ।

COVID-19 ত মৃত্যু হোৱা জীৱন বীমা গ্ৰাহকৰ পৰিয়াল লাভ কৰিব ধন
COVID-19 ত মৃত্যু হোৱা জীৱন বীমা গ্ৰাহকৰ পৰিয়াল লাভ কৰিব ধন

By

Published : Apr 6, 2020, 5:00 PM IST

নিউজ ডেস্ক, ৬ এপ্ৰিলঃজীৱন বীমাৰ গ্ৰাহক সকললৈ সুঃখবৰ । COVID-19 ত মৃত্যুবৰণ কৰিলে জীৱন বীমাৰ ধন লাভ কৰিব গ্ৰাহকৰ পৰিয়ালে । সোমবাৰে এই কথা স্পষ্ট কৰে ইণ্ডাষ্ট্ৰি বডীয়ে ।

COVID-19 ত মৃত্যু বৰণ কৰা লোকৰ ক্ষেত্ৰত ফৰ্চ ম্যেজিউৰ ধাৰাটো প্ৰয়োগ নহয় আৰু বেচৰকাৰী ৰাষ্ট্ৰ চালিত তথা সঞ্চালিত সকলো প্ৰতিষ্ঠানে এই নিয়ম মানি চলিব বুলি উল্লেখ কৰে জীৱন বীমা কাউন্সিলে ।

COVID-19ত বৰ্তমানলৈকে ভাৰতত ১০০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩০০০ লোক আক্ৰান্ত হৈছে ।

পৰিষদৰ মহাসচিব এছ এন ভট্টাচাৰ্যই কয় যে, উদ্যোগে সম্ভৱত সকলো উপায় অৱলম্বন কৰিছে যাতে লক্ ডাউনৰ ফলত পলিচীধাৰীৰ কম পৰিমাণে ব্যাঘাত জন্মে । সকলো নাগৰিকৰে কঠিন সময়ত জীৱন বীমা কোম্পানী তেওঁলোকৰ লগত থাকিব বুলি উল্লেখ কৰে ভট্টাচাৰ্যই ।

ভাৰতৰ COVID19 ৰ শেহতীয়া পৰিসংখ্যা !

ABOUT THE AUTHOR

...view details