নিউজ ডেস্ক , 08 মে' : "শ্ৰী লংকাত সংঘটিত বোমা বিস্ফোৰণত জড়িত থকা সন্ত্ৰাসবাদীসকলৰ হয় মৃত্যু হৈছে অথবা বাকী সন্ত্ৰাসবাদীসকলক ইতিমধ্যে আটক কৰা হৈছে ৷ শ্ৰী লংকাৰ আৰক্ষী সঞ্চালক প্ৰধান চি.ডি. উইক্ৰেমাৰাণ্টে এক সংবাদমেলত এই মন্তব্য কৰে ৷ লগতে এতিয়া দেশখনত শান্তিৰ পৰিৱেশ বিৰাজ কৰিব বুলি আশাবাদী আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ৷
শ্ৰীলংকাত আহিব শান্তিঃ আশাবাদী আৰক্ষী - শ্ৰী লংকা
সন্ত্ৰাসবাদীকেইটাৰ মাজত দুটা বোমা বিশেষজ্ঞ আছিল ৷ আনহাতে আটক হোৱা সন্ত্ৰাসবাদীকেইটাৰ পৰা আৰক্ষীয়ে বৃহৎপৰিমাণৰ বিস্ফোৰক জব্দ কৰে বুলিও জনায় উইক্ৰেমাৰাণ্টে ৷ উল্লেখ্য যে পূৰ্বতে আৰক্ষীৰ মুখপাত্ৰ ৰোৱান গুনাচেকেৰাই জনোৱা অনুসৰি অপৰাধ অনুসন্ধান বিভাগে স্থানীয় সন্ত্ৰাসবাদী সংগঠন "ৰাষ্ট্ৰীয় থৰহীদ জামাথৰ" পৰা 7 বিলিয়ন টকাৰ মূল্যতকৈও অধিক আপত্তিজনক সামগ্ৰী জব্দ কৰিছিল ৷
আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ মতে সন্ত্ৰাসবাদীকেইটাৰ মাজত দুটা বোমা বিশেষজ্ঞ আছিল ৷ আনহাতে আটক হোৱা সন্ত্ৰাসবাদীকেইটাৰ পৰা আৰক্ষীয়ে বৃহৎপৰিমাণৰ বিস্ফোৰক জব্দ কৰে বুলিও জনায় উইক্ৰেমাৰাণ্টে ৷ উল্লেখ্য যে পূৰ্বতে আৰক্ষীৰ মুখপাত্ৰ ৰোৱান গুনাচেকেৰাই জনোৱা অনুসৰি অপৰাধ অনুসন্ধান বিভাগে স্থানীয় সন্ত্ৰাসবাদী সংগঠন 'ৰাষ্ট্ৰীয় থৰহীদ জামাথৰ' পৰা 7 বিলিয়ন টকাৰ মূল্যতকৈও অধিক আপত্তিজনক সামগ্ৰী জব্দ কৰিছিল ৷ শেহতীয়াকৈ শ্ৰীলংকা চৰকাৰে ছ'চিয়েল মিডিয়াৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে ৷