অসম

assam

ETV Bharat / bharat

দিল্লীৰ হিংসাত্মক ঘটনাৰ বাবে কেজৰিৱালক দোষাৰোপ চৰ্দাৰ দয়া সিঙৰ - কেজৰিৱাল

দিল্লীৰ হিংসাত্মক ঘটনাৰ বাবে কেজৰিৱাল চৰকাৰক কটাক্ষ কৰি মত প্ৰকাশ কৰে অখিল ভাৰতীয় 'Peace Mission' নামৰ এক সংস্থাৰ অধ্যক্ষ চৰ্দাৰ দয়া সিঙে ৷ এক সাংবিধানিক পদত থকাৰ পিচতো কেজৰিৱালে হিংসাত্মক পৰিস্থিতি প্ৰতিৰোধ কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে বুলি তেওঁ উল্লেখ কৰে ৷

চৰ্দাৰ দয়া সিং
চৰ্দাৰ দয়া সিং

By

Published : Mar 5, 2020, 8:27 AM IST

নেশ্যনেল ডেস্ক, 4 মাৰ্চঃঅখিল ভাৰতীয় 'Peace Mission' নামৰ এক সংস্থাৰ অধ্যক্ষ চৰ্দাৰ দয়া সিঙে দিল্লীৰ হিংসাত্মক ঘটনাৰ বাবে কেজৰিৱাল চৰকাৰক কটাক্ষ কৰি কয় যে, এক সাংবিধানিক পদত থকাৰ পিচতো তেওঁ উত্তৰ-পূৱ দিল্লীৰ হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৷ ইয়াৰোপৰি তেওঁ কয়, আমি 1984 চনৰ সংঘাত দেখিছো, সেই সময়তো এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হৈছিল ৷ যিবোৰৰ পুনৰাবৃত্তি কৰা হৈছে ৷

দিল্লীৰ হিংসাত্মক ঘটনাৰ বাবে কেজৰিৱালক দোষাৰোপ চৰ্দাৰ দয়া সিঙৰ

দয়া সিঙ কয় যে, চৰকাৰে যি বিচাৰিছিল সেইয়া তেওঁলোকে কৰিলে ৷ লগতে কেজৰিৱাল RSSৰ গৰ্ভত জন্মগ্ৰহণ কৰিছিল, দিল্লীৰ 70 খন আসন RSSৰ বুলিও তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়কঃদিল্লীৰ হিংসাত্মক ঘটনাঃ আৰক্ষীলৈ গুলীচালনা কৰা শ্বাহৰুখক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details