অসম

assam

ETV Bharat / bharat

সন্ত্ৰাসবাদৰ ক্ষেত্ৰত সকলো দেশেই শূণ্য সহনশীলতা অৱলম্বন কৰক : সুষমা স্বৰাজ

ষষ্ঠদশ বৈদেশিক মন্ত্ৰণালয়ৰ বৈঠকত অংশগ্ৰহণ সুষমা স্বৰাজৰ

etv bharat

By

Published : Feb 27, 2019, 3:31 PM IST

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰী : সন্ত্ৰাসবাদৰ ক্ষেত্ৰত শূণ্য সহনশীলতা অৱলম্বনত গুৰুত্ব বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজৰ। পুলৱামা আক্ৰমণে আৰু পাকিস্তানৰ ভূমিত ভাৰতৰ সন্ত্ৰাসবাদ দমনমূলক এয়াৰ ষ্ট্ৰাইকে ভাৰতৰ লগতে সমগ্ৰ বিশ্বকে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত সহনশীল নহ'বলৈ শিকাইছে বুলি প্ৰকাশ বৈদেশিক মন্ত্ৰীগৰাকীৰ।

চীন দেশত অনুষ্ঠিত ষষ্ঠদশ বৈদেশিক মন্ত্ৰণালয়ৰ বৈঠকত অংশগ্ৰহণ কৰি সন্ত্ৰাসবাদৰ বিৰোধিতাৰে এই মন্তব্য আগবঢ়াইছে সুষমা স্বৰাজে। ভাৰত,ৰাছিয়া আৰু চীনৰ বিদেশ মন্ত্ৰণালয়ৰ মাজত অনুষ্ঠিত হৈছে ষষ্ঠদশ বৈদেশিক মন্ত্ৰণালয়ৰ বৈঠক । বৈঠকত উপস্থিত আছে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ই আৰু ৰাছিয়াৰ বিদেশ মন্ত্ৰী চেৰগেই লাভৰভো।

উল্লেখ্য যে, সন্ত্ৰাসবাদীৰ ঘাটি উচ্ছেদ কৰিবলৈ পাকিস্তানৰ ভূমিত ভাৰতে এয়াৰ ষ্ট্ৰাইক সংঘটিত কৰাৰ পাচতেই বৈদেশিক মন্ত্ৰণালয়ৰ এই বৈঠকে যথেষ্ট গুৰুত্ব বহন কৰিছে ।

ABOUT THE AUTHOR

...view details