ETV Bharat Assam

অসম

assam

ETV Bharat / bharat

সন্ত্ৰাসবাদক সমৰ্থন কৰা দেশক এঘৰীয়া কৰিব লাগেঃ ভেংকায়া নাইডু - সন্ত্ৰাসবাদক সমৰ্থন কৰা দেশক এঘৰীয়া কৰিব লাগেঃ ভেংকায়া নাইডু

সন্ত্ৰাসবাদ বিৰোধী দিৱস উপলক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুয়ে বৃহস্পতিবাৰে সকলো দেশেই একলগ হৈ সন্ত্ৰাসবাদক সমৰ্থন কৰা দেশক এঘৰীয়া কৰিবলৈ পৰামৰ্শ দিয়ে ।

ভেংকায়া নাইডু
সন্ত্ৰাসবাদক সমৰ্থন কৰা দেশক এঘৰীয়া কৰিব লাগেঃ ভেংকায়া নাইডু
author img

By

Published : May 21, 2020, 10:36 AM IST

নিউজ ডেস্ক,21 মে': সন্ত্ৰাসবাদ বিৰোধী দিৱস উপলক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুয়ে বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰ পৰা আমাক ৰক্ষা কৰিবলৈ জীৱন উৎসৰ্গা কৰা লোকসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে । তেওঁ সন্ত্ৰাসবাদ বিৰোধী যুঁজৰ দায়িত্ব কেৱল সুৰক্ষা বাহিনীৰ নহয়, বৰঞ্চ প্ৰতিগৰাকী নাগৰিকৰে বুলি উল্লেখ কৰে ।

সন্ত্ৰাসবাদ মানবীয়তাৰ বাবে এক বৃহৎ শত্ৰু আৰু গোলকীয় শান্তিৰ বাবে এক ডাঙৰ ভাবুকি বুলি নাইডুয়ে উল্লেখ কৰে আৰু সকলো দেশ একলগে ওলাই আহি সন্ত্ৰাসবাদক সমৰ্থন কৰা দেশক এঘৰীয়া কৰিব লাগে বুলি টুইট যোগে আহ্বান জনাই ।

উল্লেখ্য যে, 21 মে'ৰ দিনটোত শান্তি আৰু মানবীয়তাৰ লগতে মানুহৰ মাজত একতাৰ বাৰ্তা দিয়াৰ উদ্দেশ্যেৰে সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰা হয় । 1991 চনৰ 21 মে'ৰ দিনটোত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক সন্ত্ৰাসবাদীয়ে আত্মঘাতী বোমাৰে হত্যা কৰিছিল । তাৰ পিচৰ পৰাই ভাৰতত এই দিনটোক 'সন্ত্ৰাসবাদ বিৰোধী দিৱস' হিচাপে পালন কৰি আহিছে ।

ABOUT THE AUTHOR

...view details