অসম

assam

ETV Bharat / bharat

পশ্চিমবংগত বাস কৰা সকলো বাংলাদেশী বৈধ ভাৰতীয় নাগৰিকঃ মমতা বেনাৰ্জী - পশ্চিমবংগত বাস কৰা বাংলাদেশী নাগৰিক

দেশৰ ৰাজধানী চহৰ দিল্লীৰ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত মোডী চৰকাৰ ব্যৰ্থ হোৱাৰ বাবে সমালোচনা কৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মঙলবাৰে কয় যে, যিসকল বাংলাদেশৰ পৰা ভাৰতলৈ আহিছিল আৰু ইতিমধ্যে পূৰ্ৱৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিছে তেওঁলোকে পুনৰ নাগৰিকত্বৰ বাবে আৱেদন কৰাৰ প্ৰয়োজন নাই ৷ এইধৰণৰ সকলো নাগৰিককে ভাৰতীয় হিচাপে গণ্য কৰা হ'ব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

All Bangladeshis living in Bengal are Indian citizens: Mamata
পশ্চিমবংগত বাস কৰা সকলো বাংলাদেশী ভাৰতীয় নাগৰিক

By

Published : Mar 3, 2020, 8:30 PM IST

নেশ্বনেল ডেক্স, 3 মাৰ্চঃ মঙলবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, যিসকল লোক বাংলাদেশৰ পৰা আহিছে আৰু ইতিমধ্যে পূৰ্ৱৰ নিৰ্বাচনসমূত ভোটদান কৰিছে তেওঁলোক সকলো বৈধ ভাৰতীয় নাগৰিক আৰু নতুনকৈ নাগৰিকত্বৰ বাবে আবেদন কৰাৰ প্ৰয়োজন নাই ৷

ইমানেই নহয়, দিল্লীত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে সাম্প্ৰদায়িক বিষপাষ্প বিয়পাই 42 গৰাকী লোকৰ প্ৰাণ লোৱা বুলি সমালোচনা কৰি পশ্চিমবংগক কোনো কাৰণতে অন্য এখন দিল্লী হ'বলৈ দিয়া নহ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

"যিসকল বাংলাদেশৰ পৰা আহিছে তেওঁলোক ভাৰতীয় নাগৰিক.. তেওঁলোকে নাগৰিকত্ব পাবই ৷ তোমালোকে নাগৰিকত্বৰ বাবে পুনৰ আবেদন কৰাৰ প্ৰয়োজন নাই ৷ তোমালোকে ইতিমধ্যে নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছা, মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰিছা... এতিয়া তেওঁলোকে কৈছে যে তোমালোক ভাৰতীয় নাগৰিক নহয়.. তেওঁলোকক বিশ্বাস নকৰিবা ৷" এখন জনসভাত এনেদৰে মন্তব্য কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

পশ্চিমবংগত বাস কৰা সকলো বাংলাদেশী ভাৰতীয় নাগৰিক

তেওঁ এইবুলিও আশ্বাস প্ৰদান কৰে যে, এজন ব্যক্তিকো পশ্চিম বংগৰ পৰা উলিয়াই পঠিয়াবলৈ দিয়া নহ'ব ৷ ইমানেই নহয়, পশ্চিমবংগত বাস কৰা কোনো শৰনাৰ্থী নাগৰিকত্বৰ পৰা বঞ্চিত নহয় ৷

দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি লৈ তৃণমূল কংগ্ৰেছৰ নেত্ৰী গৰাকীয়ে কয় যে, "পাহৰি নাযাবা যে, এইখন দিল্লী নহয় ৷ দিল্লীত সংঘটিত হোৱাৰ দৰে হিংসাত্মক ঘটনা কোনো কাৰণতে পশ্চিমবংগত সংঘটিত হ'বলৈ দিয়া নহ'ব ৷ আমি পশ্চিম বংগক কেতিয়াও দিল্লী অথবা উত্তৰ প্ৰদেশলৈ পৰিণত হোৱাটো নিবিচাৰো ৷"

বিজেপি চৰকাৰে সময়ে-সময়ে মমতা বেনাৰ্জীক "মুছলমান বিদ্বেষী" বুলি অভিযোগ কৰি নিজৰ "ভোট বেংক ৰাজনীতি"ৰ অসৎ চাৰিতাৰ্থ পূৰণ কৰি আহিছে বুলিও সমালোচনা কৰে তণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details