অসম

assam

ETV Bharat / bharat

ঘৰুৱা হিংসা ৰোধ কৰি শিশুক সুস্থ বাতাবৰণ দিবলৈ আহ্বান অভিনেতা অলী ফেজলৰ - ঘৰুৱা হিংসা

ঘৰুৱা হিংসাৰ বাবে বহু শিশুই কথা ক'ব নোৱাৰাৰ উপৰিও শিশুসকলক সুস্থ বাতাবৰণ দিয়াৰ ক্ষেত্ৰত ঘৰুৱা হিংসাই বাধা হৈ পৰে বুলি মত প্ৰকাশ কৰে বলিউড অভিনেতা অলী ফেজলে ।

অলী ফেজল
অলী ফেজল

By

Published : Jul 11, 2020, 3:49 PM IST

Updated : Jul 11, 2020, 4:23 PM IST

নিউজ ডেস্ক, ১১ জুলাইঃ বলিউড অভিনেতা অলী ফেজলে শুকুৰবাৰে ছ'চিয়েল মিডিয়াযোগে লিংগ সমতাৰ বাবে দাবী জনোৱাৰ উপৰিও ঘৰুৱা হিংসা সমাপ্ত হ'ব লাগে বুলিও মত প্ৰকাশ কৰে । অভিনেতা গৰাকীয়ে ইয়াৰ পূৰ্বে অভিনেত্ৰী তথা ছবি নিৰ্মাতা নন্দিতা দাসৰ সৈতে ঘৰুৱা হিংসা সন্দৰ্ভত নিৰ্মাণ কৰা ছবি Listen To Her নামৰ ছবিখনত একেলগে কাম কৰে । এই ছবিখনত অভিনেত্ৰী অমৃতা সুভাষ আৰু গীতিকাৰ স্বানন্দ কিৰকিৰে কণ্ঠদান কৰে ।

লক ডাউনৰ সময়তে ঘৰুৱা সিংহাৰ ঘটনা আৰু প্ৰতিক্ৰিয়া ফলস্বৰূপে এই ছবিখন নিৰ্মাণ কৰা হৈছে । আৰু এই ছবিখনৰ দৃশ্য গ্ৰহণ লক ডাউনৰ মাজতে কৰা হৈছে বুলি জানিবলৈ দিয়ে ।

অলী ফেজলে কয় যে,ঘৰুৱা হিংসা শ্ৰেণী,ধৰ্ম আৰু অন্য সামাজিক বন্ধন পৰা আৰম্ভ হয় । এই বিষয় সন্দৰ্ভত সকলোৱে আগবাঢ়ি আহি মত প্ৰকাশ কৰাৰ লগতে এই হিংসা সমাপ্ত কৰিব লাগে । ঘৰুৱা হিংসাৰ বাবেই বহু শিশুৱে কথা কব নোলাৰ উপৰিও তেখেতসকলক এটা সুস্থ বাতাবৰণ দিয়াৰ ক্ষেত্ৰটো বাধা আৰোপ কৰে ।

লগতে চাওকঃ হাল বোৱা যন্ত্ৰ উদ্ভাৱনেৰে চমক টীয়কৰ যুৱকৰ

Last Updated : Jul 11, 2020, 4:23 PM IST

ABOUT THE AUTHOR

...view details