অসম

assam

ETV Bharat / bharat

নিচাসক্তসকলৰ বাবে কঠিন সময় লকডাউন ! - কোভিড-19

সমগ্ৰ দেশতে লকডাউন চলি থকাৰ সময়তে বিভিন্ন প্ৰান্তৰ পৰা সুৰাসক্তসকলৰ আচৰিত ধৰণৰ পৰিঘটনা পোহৰলৈ আহিছিল ৷ বহুতেই আত্মহত্যাৰ চেষ্টা কৰাৰ বিপৰীতে বহুতেই অন্যান্য সামগ্ৰী সেৱন কৰি মৃত্যুমুখত পৰা পৰিলক্ষিত হয় ৷

নিচাসক্তসকলৰ বাবে কঠিন সময় লকডাউন !
নিচাসক্তসকলৰ বাবে কঠিন সময় লকডাউন !

By

Published : Apr 7, 2020, 2:11 PM IST

নিউজ ডেস্ক, 7 এপ্ৰিলঃৰাষ্ট্ৰব্যাপী লকডাউন চলি থকাৰ সময়তে চৰকাৰে সুৰাৰ বিক্ৰীটো সমানে নিষেধাজ্ঞা আৰোপ কৰে ৷ এনে সময়তে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সুৰাসক্তসকলৰ আচৰিত আচৰণ কিছুমান পোহৰলৈ আহে ৷ কিছুমানে সুৰাৰ অনুপস্থিতিত আত্মহত্যাৰ চেষ্টা কৰাৰ বিপৰীতে আন কিছুমানে বিষাক্ত দ্ৰব্য সেৱন কৰাৰ ফলত মৃত্যুমুখতো পৰে ৷ যাৰ পৰিনতিত নিচামুক্তি কেন্দ্ৰসমূহে এই লকডাউনৰ সময়ত অত্যধিক পৰিমানে ফোনকলকে ধৰি অন্যান্য ধৰণৰ বাৰ্তা লাভ কৰে ৷

নিচাসক্তসকলৰ বাবে কঠিন সময় লকডাউন !

এই সমস্যাটো একমাত্ৰ ভাৰততে পৰিলক্ষিত হৈছে ৷ ধাৰণা অনুসৰি, বিশ্বৰ এক পঞ্চমাংশ সুৰা ভাৰততে উৎপাদন কৰা হয় আৰু ভাৰতীয়সকলেই অত্যধিক সুৰা সেৱন কৰে ৷ Associated Chambers of Commerce and Industry in Indiaৰ এক অধ্যয়নত পোহৰলৈ আহিছিল যে, প্ৰতিবছৰে ভাৰতত সুৰা উদ্যোগ 30 শতাংশলৈ বৃদ্ধি পাই আহিছে ৷ ভাৰতত 2015 চনত সেৱন কৰা সুৰাৰ বজাৰ মূল্য আছিল 1.5 লাখ কোটি ৷ প্ৰতিবেদনখনত প্ৰকাশ পোৱা তথ্য অনুসৰি, অৰ্থনৈতিক সমস্যা, নগৰীকৰণ আৰু জীৱন ধাৰণৰ মাণদণ্ডৰ সলনিয়ে ভাৰতৰ যুৱপ্ৰজন্মক সুৰাৰ প্ৰতি আকৰ্ষিত কৰিছে ৷

লকডাউনৰ সময়ছোৱাৰ আগৰ দৃশ্যঃ

মাৰ্চ 28 (কেৰালা): সুৰা বন্ধ কৰাক লৈ কোচিত দুগৰাকী ব্যক্তিৰ আত্মহত্যা ৷

মাৰ্চ 30 (কেৰালা): চাংনাছেৰীত 49 বছৰীয়া এগৰাকী ব্যক্তিৰ দুমহলীয়া অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা ৷

মাৰ্চ 30 (কেৰালা): থ্ৰীছুৰ আৰু আলাপুড়াত দুগৰাকীকৈ ব্যক্তিৰ আত্মহত্যা, কাৰণ হৈছে সুৰাৰ অভাৱ ৷

মাৰ্চ 30 (কেৰালা): ৰাজ্যত সুৰা বাদ দিয়াৰ পিচত দেখা দিয়া ঘটনাৰ সংখ্যা বৃদ্ধি ৷ ইয়াৰে 85 শতাংশই আত্মহত্যামুলক আৰু অতিশয় হিংসাত্মক লক্ষণেৰে ভৰা আছিল ৷

মাৰ্চ 30 (তেলেংগানা): হায়দৰাবাদৰ আইএইচএমত প্ৰতিদিনে পাঁচগৰাকীকৈ সুৰাসক্তৰ ভৰ্তিকে ধৰি সৰ্বমুঠ 90 গৰাকীলৈ সুৰাসক্ত ব্যক্তিৰ সংখ্য়া বৃদ্ধি ৷

এপ্ৰিল 4 (তামিলনাডু): পুডুকোট্টাই জিলাত বিষাক্ত দব্য সেৱনৰ ফলত তিনিগৰাকীৰ মৃত্যু ৷

এপ্ৰিল 5 (তামিলনাডু): চেন্নাইত সুৰাৰ বটল চুৰি কৰাৰ অভিযোগত তিনিগৰাকীক গ্ৰেপ্তাৰ ৷

এপ্ৰিল 5 (তামিলনাডু): চেংগালপেটত ভাৰ্নিছ সেৱন কৰাৰ ফলত তিনিগৰাকীৰ মৃত্যু আৰু এগৰাকীক চিকিৎসালত ভৰ্তি ৷

এপ্ৰিল 5 (তামিলনাডু): দিন্দীগুলৰ TASMAC shopৰ পৰা 5 লাখ টকা মূল্যৰ সুৰা চুৰি ৷

সুৰামুক্তিৰ প্ৰক্ৰিয়া.....

প্ৰতিবেদন অনুসৰি, সুৰাসক্তসকল, যিসকলে সুৰা নাপায় অত্য়ধিক অৱসাদগ্ৰস্থ হৈ পৰিছিল তেওঁলোকৰ দেহত বিভিন্ন লক্ষণে দেখা দিয়ে ৷ ইয়াৰ পৰা উদ্ধাৰ পাবলৈ চিকিৎসকসকলে নিৰ্দিষ্ট পৰিমানৰ সুৰা সেৱন কৰিবলৈ পৰামৰ্শ দিয়ে যদিও মনোবৈজ্ঞানীসকলে এই নীতি খাৰিজ কৰে ৷ সুৰাৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায় হৈছে detoxification আৰু de-addiction চিকিৎসা ৷

নিচাসক্তসকলৰ বাবে কঠিন সময় লকডাউন !

সাধাৰণতে সুৰাৰ পৰা বঞ্চিত হোৱা লোকসকলৰ দেহত বিভিন্ন উপসৰ্গই দেখা দিয়ে ৷ ইয়াৰ ভিতৰত অস্থিৰতা, হাত-ভৰি কপি থকা, নিদ্ৰাবিহীনতা, ঘামি যোৱা আদি অন্যতম ৷ ই অধিক ভয়ংকৰ হৈ পৰে যেতিয়াই সুৰাসক্তগৰাকী সময়ে সময়ে চেতনাহীন হৈ পৰাৰ লগতে প্ৰলাপ বকিবলৈ আৰম্ভ কৰে ৷ এইক্ষেত্ৰত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিচত প্ৰথমতে সুৰাসক্তজনৰ দুৰ্বলতাসমূহ নিৰীক্ষণ কৰা হয় আৰু সেই অনুসৰিয়ে, তেওঁলোকক ঔষধ প্ৰদান কৰা হয় ৷ সমগ্ৰ প্ৰক্ৰিয়াটোত 8ৰপৰা 10 দিন সময়ৰ প্ৰয়োজন হয় ৷

ABOUT THE AUTHOR

...view details