অসম

assam

ETV Bharat / bharat

৩২ বছৰ পুৰণি স্মৃতি ৰোমন্থন কৰি নষ্টালজিক অভিনেতা অক্ষয় কুমাৰ

বলীউড জগতত ভৰি দিয়াৰ পূৰ্বে পোন প্ৰথমবাৰৰ বাবে ফটোশ্বুট কৰা এটা কাহিনী শ্বেয়াৰ কৰি নষ্টালজিক হৈ পৰে অভিনেতা অক্ষয় কুমাৰ।

অভিনেতা অক্ষয় কুমাৰ
Akshay Kumar shooed away by watchmen, now owns bungalow at same location

By

Published : Jun 22, 2020, 3:39 PM IST

এণ্টাৰটেইনমেণ্ট ডেস্ক, ২২ জুনঃ ৩২ বছৰ পূৰ্বে এটা ফটোশ্বুটৰ সময়ৰ সংঘটিত হোৱা ঘটনাৰ পুৰণি স্মৃতি মনত পেলাই এটা ভিডিঅ' শ্বেয়াৰ কৰে অভিনেতা অক্ষয় কুমাৰে। বলীউড জগতত খোজ দিয়াৰ পূৰ্বৰ সেই কাহিনী শ্বেয়াৰ কৰি নষ্টালজিক হৈ পৰে অভিনেতাগৰাকী।

অক্ষয় কুমাৰে উল্লেখ কৰা অনুসৰি, বলীউডলৈ অহাৰ পূৰ্বে অভিনেতাগৰাকীয়ে জয়েশ নামৰ সেই সময়ত এগৰাকী জনপ্ৰিয় ফটোগ্ৰাফাৰৰ সহযোগী হিচাপে কাম কৰিছিল। এনেদৰে ফটোগ্ৰাফাৰ গৰাকীৰ সহযোগী হিচাপে ৪-৫ মাহ কাম কৰাৰ পাছত এদিন অক্ষয়ে তেখেতৰ ফটোশ্বুট কৰি দিবলৈ জয়েশক অনুৰোধ কৰিছিল। সহযোগী হিচাপে কৰ্মৰত হৈ থাকোতে মাহিলী দৰমহাৰ পৰিৱৰ্তে ফটোগ্ৰাফাৰ গৰাকীক ফটোশ্বুট কৰি দিলে হ'ব বুলি উল্লেখ কৰিছিল অক্ষয়ে। প্ৰথম অৱস্থাত ফটোশ্বুট কৰিবলৈ অভিনেতাগৰাকীৰ হাতত ধন নাছিল।

৩২ বছৰ পুৰণি ৰোমন্থন কৰি নষ্টালজিক অভিনেতা অক্ষয় কুমাৰ

সেই অনুসৰি প্ৰথমবাৰৰ বাবে ফটোশ্বুট কৰিবলৈ সাগৰৰ পাৰত থকা এখন চিৰিয়াখানালৈ গৈছিল অভিনেতা অক্ষয় কুমাৰ আৰু ফটোগ্ৰাফাৰৰ দলটো। চিৰিয়াখানাত থকা এটা আধা ভঙা অট্টালিকাত গৈ ফটোশ্বুট আৰম্ভ কৰিছিল অক্ষয়ে। সেই সময়ত তাত থকা এজন ৰখীয়াই তেওঁলোকক প্ৰায় ৩-৪ খন ফটো তোলাৰ পাছতেই তাৰ পৰা যাবলৈ দিছিল।

৩২ বছৰ পুৰণি ৰোমন্থন কৰি নষ্টালজিক অভিনেতা অক্ষয় কুমাৰ

উল্লেখ্য যে, ফটোশ্বুট কৰিবলৈ যোৱা সেই আধা ভঙা অট্টালিকাটো পুনৰ নতুনকৈ সজাই বৰ্তমান সেই অট্টালিকাটোত থাকে অভিনেতা অক্ষয় কুমাৰে। ৫২ বছৰীয়া অভিনেতাগৰাকীয়ে ৩২ বছৰ পুৰণি সেই পুৰণি দিনৰ ফটোখন দেখুৱাই পুৰণি স্মৃতি ৰোমন্থন কৰে।

ABOUT THE AUTHOR

...view details