নতুন দিল্লী,3 নৱেম্বৰ:বলীউডৰ চিনেমাৰ তালিকাত সংযোজন হ’বলৈ গৈ আছে এখন নতুন চিনেমা ৷ ইয়াৰ বাবে সাজু হৈ উঠিছে চিনেমাখনৰ নিৰ্মাতাৰ লগতে প্ৰডাকচন টীম ৷ অক্ষয় কুমাৰ আৰু কৃতি সেননে অভিনয় কৰিবলগীয়া চিনেমাখনৰ শ্বুটিঙৰ বাবে ইতিমধ্যে নিৰ্বাচন কৰা হৈছে ৰাজস্থানৰ জয়ছালমেৰ নামৰ মনোমোহা ঠাইটুকুৰা ৷ 2021 চনৰ আৰম্ভণিৰে পৰা চিনেমাখনৰ শ্বুটিং আৰম্ভ হ’ব ৷ বচ্চন পাণ্ডে নামৰ চিনেমাখন সম্পূৰ্ণ হাস্যৰসেৰে পূৰ্ণ এক্সনধৰ্মী হ’ব বুলি প্ৰকাশ কৰিছে নিৰ্মাতাই ৷
চলচিত্ৰ বিশ্লেষক তৰণ আদৰ্শই মঙলবাৰে এই বিষয়ে টুইটযোগে সদৰী কৰে ৷ পৰৱৰ্তী জানুৱাৰী মাহৰ পৰা মাৰ্চলৈকে জয়ছালমেৰত চিনেমাখনৰ শ্বুটিং চলি থাকিব ৷ তদুপৰি শীঘ্ৰে আন এগৰাকী অভিনেত্ৰীক চিনেমাখনৰ বাবে চুক্তিবদ্ধ কৰা হ’ব ৷