অসম

assam

ETV Bharat / bharat

আকালি দলৰ NDA ৰে মিত্ৰজোঁট ত্যাগৰ সিদ্ধান্তক উষ্ম আদৰণি অখিলেশ যাদৱৰ - অখিলেশ যাদৱ

কৃষি আইনৰ বিৰোধিতা কৰি NDAৰ মিত্ৰজোঁট ত্যাগৰ সিদ্ধান্ত লৈছে শিৰোমণি আকালি দলে। দলটোৰ এই সিদ্ধান্তক টুইটযোগে আদৰণি জনালে সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱে।

আকালি দলৰ NDAৰ মিত্ৰজোঁট ত্যাগৰ সিদ্ধান্তক উষ্ম আদৰণি অখিলেশ যাদৱৰ
আকালি দলৰ NDAৰ মিত্ৰজোঁট ত্যাগৰ সিদ্ধান্তক উষ্ম আদৰণি অখিলেশ যাদৱৰ

By

Published : Sep 28, 2020, 1:53 PM IST

নেশ্যনেল ডেস্ক, ২৮ছেপ্টেম্বৰ: বিজেপিৰে মিত্ৰতা ভংগৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে শিৰোমণি আকালি দলক উষ্ম আদৰণি জনালে সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱে। কৃষকৰ তীব্ৰ প্ৰতিবাদৰ পিছতো শেহতীয়াকৈ আইনত পৰিণত হোৱা কৃষি বিধেয়কৰ বিৰোধিতা কৰি NDA ৰে মিত্ৰজোঁট ত্যাগৰ কথা প্ৰকাশ কৰে আকালি দল। দেওবাৰে টুইটযোগে আকালি দলৰ সিদ্ধান্তক প্ৰশংসা কৰিলে সমাজবাদী পাৰ্টীৰ অধ্যক্ষগৰাকীয়ে। টুইটত অখিলেশ যাদৱে উল্লেখ কৰে যে, 'ভাৰতীয় জনতা পাৰ্টীৰ শোসনমূলক নীতিৰ পৰা কৃষকক ৰক্ষা কৰিবলৈ আকালি দলে লোৱা পদক্ষেপক আদৰণি জনাইছো। বিৰোধী দল, জনতাৰ লগতে এতিয়া বি জে পিৰে মিত্ৰতা থকা দলেও কেন্দ্ৰৰ এই নীতিৰ বিৰোধিতা কৰিছে।'

উল্লেখ্য যে, শনিবাৰে এখন বৈঠকত কৃষি বিধেয়কৰ বিৰোধিতা কৰি মিত্ৰজোঁট ত্যাগৰ কথা ঘোষণা কৰে আকালি দলৰ অধ্যক্ষ সুখবীৰ সিং বাদলে। কৃষকৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি প্ৰকাশ কৰিছে দলটোৱে। হাৰিয়ানা আৰু পঞ্জাৱৰ কৃষকে সাব্যস্ত কৰা প্ৰতিবাদক আওকাণ কৰি কেন্দ্ৰই এই কৃষি আইনৰ প্ৰণয়ন কৰে। নূন্যতম সমৰ্থন মূল্য বিচাৰি আনুৰোধ জনাইছিল কৃষকে। দেওবাৰে ৰাষ্টপতিৰ অনুমোদনৰ পিছতে ৩ খন কৃষি বিধেয়ক আইনত পৰিণত হয়। ইয়াৰ পিছতে ক্ষোভ প্ৰকাশ কৰি বিজেপিৰে মিত্ৰতা ভংগৰ সিদ্ধান্ত গ্ৰহণ কৰে আকালি দলে।

লগতে পঢ়ক :কৃষক বিধেয়কত সন্মতি প্ৰদান ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ

ABOUT THE AUTHOR

...view details