নেশ্যনেল ডেস্ক, 19 জানুৱাৰী: উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ (এছ পি) ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱে সোমবাৰে এদিনীয়া ভ্ৰমণসূচীৰে গোণ্ডাত উপস্থিত হয় ৷ য'ত তেওঁ ৰাম মন্দিৰ নিৰ্মাণ আৰু ইয়াৰ বাবে সংগ্ৰহ কৰা পুঁজি সন্দৰ্ভত মন্তব্য কৰে ৷ অখিলেশ যাদৱে কয় যে,ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বিশ্ব হিন্দু পৰিষদৰ সদস্য সকলে পুঁজি সংগ্ৰহ কৰি কৃষকৰ প্ৰতিবাদৰ পৰা মানুহৰ মনোযোগ বিপৰ্যয় কৰাৰ এক কৌশল কেন্দ্ৰীয় চৰকাৰৰ ।
ইফালে,ক'ভিড ভেকচিন সন্দৰ্ভত মন্তব্য কৰি কয় যে,মই চিকিৎসা,বিজ্ঞানী আৰু চিকিৎসকক বিশ্বাস কৰো কিন্তু উত্তৰ প্ৰদেশ চৰকাৰ খনক বিশ্বাস নকৰো ৷ ক'ভিড ভেকচিন প্ৰথমে বিজেপি নেতা সকলে গ্ৰহণ কৰা উচিত ৷ এবছৰ পাচত আমি ক'ভিড ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰিম ৷ কিন্তু ৰাজ্যখনৰ দুখীয়া লোকসকলক কেতিয়া ভেকচিন প্ৰদান কৰা হ'ব সেই কথাহে জানিব বিচাৰিছো ৷