অসম

assam

ETV Bharat / bharat

কেন্দ্ৰই দিয়া সাহাৰ্যক লৈ প্ৰশ্ন অখিলেশ যাদৱৰ - Akhilesh Yadav

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 20 লাখ কোটিৰ সাহায্য পুঁজিক "মহাপেকেজ" আখ্যা দি দৰিদ্ৰ লোক,শ্ৰমিক,খেতিয়ক, ক্ষুদ্ৰ ব্যৱসায়ী ইত্যাদি লোকে কিমান টকা লাভ কৰিব সেই বিষয়ে প্ৰশ্ন কৰে ।

কেন্দ্ৰই দিয়া সাহাৰ্যক লৈ প্ৰশ্ন অখিলেশ যাদৱৰ
কেন্দ্ৰই দিয়া সাহাৰ্যক লৈ প্ৰশ্ন অখিলেশ যাদৱৰ

By

Published : Jun 6, 2020, 9:13 PM IST

নিউজ ডেস্ক, 6 জুনঃ সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে শনিবাৰে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 20 লাখ কোটি টকাৰ সাহাৰ্য পেকেজ সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰে । যাদবে কেন্দ্ৰৰ এই সাহাৰ্য পেকেজক"মহাপেকেজ" বুলি আখ্যা দি এই পেকেজৰ পৰা দৰিদ্ৰ লোকে কিমান পাব,ক্ষুদ্ৰ ব্যৱসায়ীয়ে কিমান পাব, খেতিয়কে কিমান পাব সেই সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰে বিতংকৈ প্ৰকাশ কৰিব লাগে বুলি তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা মাহত অৰ্থনৈতিক সাহাৰ্য পেকেজ ঘোষণা কৰে । কৰ'ণা ভাইৰাছ সংকটৰ পাচত দেশৰ লোক সকল যাতে আত্ম নিৰ্ভৰশীল হ'ব পাৰে তাৰ বাবে এই পেকেজ ঘোষণা কৰিছিল মোডীয়ে ।

লগতে চাওকঃ বাঘজান আশ্ৰয় শিবিৰত শদিয়াৰ বিধায়ক বলিন চেতিয়া

ABOUT THE AUTHOR

...view details