23 এপ্ৰিলঃ "বিজেপিয়ে নিৰ্বাচনত জয়ী হোৱাৰ বাবে ৰচিছে ব্লু প্ৰিন্ট । " বিজেপিৰ বিৰুদ্ধে ইভিএম বিসংগতি কৰাৰ অভিযোগ উত্থাপন কৰি এই মন্তব্য আগবঢ়ায় সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱে ।
নিৰ্বাচনত জয়ী হোৱাৰ বাবে বিজেপিৰ ব্লু প্ৰিন্ট কি?
ইভিএম বিসংগতি সম্পৰ্কে সৰৱ সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱ । বিসংগতিৰ বাবে বিজেপিৰ দোষাৰোপ নেতাগৰাকীৰ ।
"নিৰ্বাচনত জয়ী হোৱাৰ বাবে বিজেপিয়েৰ ব্লু প্ৰিন্ট"
"যাকেই ভোট নিদিয়ক, বিজেপিয়েহে পায়গৈ ভোট। বিজেপিয়ে এনেদৰেই নিৰ্বাচনত জয়লাভৰ ব্লু প্ৰিন্ট ৰচিছে।" নিজ টুইটাৰযোগে এই মন্তব্য আগবঢ়ায় সমাজবাদী পাৰ্টীৰ অধ্যক্ষগৰাকীয়ে ।
দেশত চলি থকা লোকসভা নিৰ্বাচনত বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিসংগতিৰ সৃষ্টি হোৱাৰ পিচতে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিলেশ যাদৱে । লগতে সমগ্ৰ ভাৰততেই বিজেপিয়ে বিসংগতিৰ সৃষ্টি কৰা বুলি দাবী উত্থাপন কৰে নেতাগৰাকীয়ে ।