অসম

assam

ETV Bharat / bharat

ছেনিটাইজ কৰা হ'ল অল ইণ্ডিয়া ৰেডিঅ'ৰ মুখ্য কাৰ্যালয় - আকাশবানী ভৱন

27 এপ্ৰিলত আকাশবানী ভৱনলৈ শেষৰবাৰ অহা কৰ্মচাৰী এগৰাকীৰ দেহত 12 মে'ৰ দিনা কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল । সেয়ে অল ইণ্ডিয়া ৰেডিঅ'ৰ মুখ্য কাৰ্যালয় সম্পূৰ্ণ ভাৱে ছেনিটাইজ কৰা হয় ।

ছেনিটাইজ কৰা হ'ল অল ইণ্ডিয়া ৰেডিঅ'ৰ মুখ্য কাৰ্যালয়
ছেনিটাইজ কৰা হ'ল অল ইণ্ডিয়া ৰেডিঅ'ৰ মুখ্য কাৰ্যালয়

By

Published : May 15, 2020, 9:13 AM IST

নতুন দিল্লী, 15 মে': অল ইণ্ডিয়া ৰেডিঅ'ৰ মুখ্য কাৰ্যালয় আকাশবানী ভৱনক সুৰক্ষাৰ অংশ হিচাপে প্ৰশাসনে সম্পূৰ্ণ ভাৱে চেনিটাইজ কৰে । কিয়নো এই কাৰ্যালয়টোত অন্তিমবাৰৰ বাবে 27 এপ্ৰিলত কৰ্তব্য পালনৰ বাবে অহা কৰ্মচাৰী এগৰাকীৰ দেহত 12 মে'ৰ দিনা কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল ।

অল ইণ্ডিয়া ৰেডিঅ'ৰ এগৰাকী বিষয়াই এই বিষয়ে অৱগত কৰি কয়, "কৰ্মচাৰীজনে 11 মে'ৰ দিনা কিছু অসুবিধা অনুভৱ কৰে, তেওঁ 12 মে'ত হাস্পতাললৈ গৈ COVID-19 পৰীক্ষা কৰায় । তাৰ পাচত তেওঁৰ দেহত কৰ'ণা ভাইৰাছ পজিটিভ থকাৰ কথা 13 মে'ত নিশ্চিত হয় । খুব সম্ভৱ তেওঁ বাহিৰতে আক্ৰান্ত হৈছে আৰু লক্ষণে দেখা দিছিল ।"

লোকজনৰ শৰীৰত কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ কথা নিশ্চিত হোৱাৰ পাচতে সম্পূৰ্ণ আকাশবানী ভৱন ছেনিটাইজ কৰা হয় যাতে সকলো কৰ্মচাৰী সুৰক্ষিত হৈ থাকে ।

ABOUT THE AUTHOR

...view details