নিউজ ডেস্ক, ১২ মে' : বিশ্বযুদ্ধৰ সময়ত আঘাতপ্ৰাপ্ত সৈনিকক নিঃস্বাৰ্থ সেৱা আগবঢ়াই মানৱতাৰ অনন্য নিদৰ্শন দাঙি ধৰা ফ্লৰেন্স নাইটিংগেলৰ স্মৃতিত আজিৰ দিনটো "বিশ্ব যাত্ৰী দিৱস" হিচাপে উদযাপন কৰা হয় ।
বিশ্ব ধাত্ৰী দিৱসৰ দিনটোতে ধাত্ৰীসকলক প্ৰশংসাৰে উপচাই দিয়ে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে । কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে চলি থকা যুঁজখনত ধাত্ৰীসকলে আগবঢ়োৱা সেৱাৰ বাবে তেওঁলোকক ভগৱানৰ বাৰ্তাবাহক আখ্যা দিয়াৰ লগতে ইতিহাসৰ পৃষ্ঠাত তেওঁলোকৰ নাম সোণালী আখৰেৰে লিখা থাকিব বুলি মন্তব্য কৰে অজিত পাৱাৰে ।
"ধাত্ৰীসকলৰ সেৱা- কান্ধত কান্ধ মিলাই নিজৰ স্বাস্থ্যৰ কথা নাভাবি ৰোগীক সেৱা আগবঢ়াই যোৱা যাত্ৰীসকল মানৱ ইতিহাসত সোণালী আখৰেৰে জিকিলি থাকিব" বুলি মন্তব্য কৰে পাৱাৰে । ধাত্ৰীসকলৰ যুদ্ধৰ মুখ্য সৈনিক বুলি উল্লেখ কৰি এই মহামাৰীৰ সময়তো তেওঁলোকে নিঃস্বাৰ্থ সেৱা আগবঢ়াই গৈছে বুলি প্ৰশংসা কৰে পাৱাৰে ।
"এই ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ এতিয়ালৈ কোনো প্ৰতিষেধক ওলোৱা নাই, সাৱধানতাই হৈছে একমাত্ৰ আৰোগ্য সঞ্জীৱনী । ধাত্ৰীসকলে এই কাম পূৰ্ণ ভক্তিৰে আগবঢ়াই আহিছে । " বুলি কৈ সকলোৱে ধাত্ৰীসকলৰ সেৱাক মান্যতা প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰে ।
লগতে পঢ়কঃকেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ