নেশ্যনেল ডেস্ক, ১৬ জানুৱাৰী: দেশৰ ভিন্ন ৰাজ্যৰ সমান্তৰালকৈ শনিবাৰে মিজোৰামতো COIVD-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে । আজি আইজল অসামৰিক চিকিৎসালয়ৰ মুৱানপুই নামৰ এগৰাকী চতুৰ্থ বৰ্গৰ স্বাস্থ্য কৰ্মীক COIVD-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হয় । চিকিৎসকে প্ৰকাশ কৰা মতে, প্ৰতিষেধক প্ৰদানৰ পিছত ৪৪ বছৰীয়া মুৱানপুইক পৰ্যবেক্ষণ কৰা হয় আৰু কোনো ধৰণৰ ক্ষতিকাৰক প্ৰভাৱ পৰিলক্ষিত হোৱা নাই ।
মিজোৰামৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, ১৮,৫০০টা প্ৰতিষেধক মিজোৰাম আহি পাইছে । প্ৰথম পৰ্যায়ত ৩১৫ গৰাকী কেন্দ্ৰীয় স্বাস্থ্য কৰ্মীসহ ১৪,৬০৭ গৰাকীৰো অধিক স্বাস্থ্য কৰ্মীৰ টীকাকৰণ সম্পন্ন কৰা হ'ব । শনিবাৰৰ দিনটোত আইজলত থকা ৪টা কেন্দ্ৰ আৰু লুংলেইত থকা এটা কেন্দ্ৰসহ মিজোৰামৰ মুঠ ৫ টা টীকাকৰণ কেন্দ্ৰত ১০০ গৰাকী নাগৰিকক COIVD-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।