নেশ্যনেল ডেস্ক, 13 এপ্ৰিল : COVID-19 ৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখা ভাৰতে দূৰ্গম অঞ্চলত অত্যাৱশ্য়কীয় চিকিৎসা সামগ্ৰী সেৱা আগবঢ়াবৰ বাবে 218 লাইফলাইন উড়ান বিমান সঞ্চালন সম্পূৰ্ণ কৰিছে ৷ এই কথা টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে নগৰ বিমান মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে ৷
লগতে পুৰীয়ে কয় যে, ইয়াৰে 132 খন এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ আৰু কাৰ্গো বিমানে সোমবাৰ পৰ্যন্ত প্ৰায় 377.50 টন চিকিৎসা সামগ্ৰী কঢ়িয়াইছে ৷ সোমবাৰ পৰ্যন্ত লাইফলাইন উড়ান বিমানে অতিক্ৰম কৰিছে প্ৰায় 2,05,709 ৰো অধিক কিল'মিটাৰ ৷ কাৰ্গো বিমানে 12 এপ্ৰিল পৰ্যন্ত 4.27 টন সামগ্ৰী কঢ়িয়াইছে ৷
এই ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ, দ্বীপ অঞ্চল আৰু পৰ্বতীয়া ৰাজ্যসমূহ ৷ কাৰ্গো বিমানসমূহে কঢ়িয়াইছে মাস্ক, গ্ল'ভছ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী ৷