নিউজ ডেস্ক,23 মাৰ্চঃপুনে-দিল্লী এয়াৰ এচিয়াৰ এখন বিমানত সন্দেহজনক কৰ'ণা ভাইৰাছত আক্ৰান্ত যাত্ৰীৰ অৱস্থিতিৰ খবৰে আতংকৰ সৃষ্টি কৰে বিমানৰ ভিতৰত ৷ এই ঘটনা সংঘটিত হৈছে দিল্লী বিমান বন্দৰত ৷ পুনেৰ পৰা দিল্লী অভিমুখী এয়াৰ এচিয়াৰ আই 5-732 বিমানখন 20 মাৰ্চত নতুন দিল্লী বিমান বন্দৰত অৱতৰণ কৰাৰ লগে লগে বিমানখনৰ ভিতৰত প্ৰথম শাৰীত সন্দেহজনক কৰ'ণা ভাইৰাছত আক্ৰান্ত যাত্ৰী থকাৰ খবৰ বিয়পি পৰাৰ লগে লগে সৃষ্টি হয় আতংকময় পৰিৱেশৰ ৷ এই ঘটনাৰ লগে লগে বিমানখনৰ কেপ্তেইন গৰাকীয়ে তাৎক্ষণিকভাৱে বিমানখনক এক সুৰক্ষিত দূৰত্বত অৱস্থান কৰাই সেই সন্দেহজনক যাত্ৰী কেইজনক সন্মুখৰ দুৱাৰেদি এটি সুৰক্ষিত ট্ৰেইলৰ যোগেদি বিমানৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে ৷
এয়াৰ এচিয়াৰ বিমানত কৰ'ণা ভাইৰাছত আক্ৰান্ত যাত্ৰী থকাৰ সন্দেহ ! - দিল্লী বিমান বন্দৰ
এয়াৰ এচিয়াৰ বিমানত সন্দেহজনক কৰ'ণা ভাইৰাছত আক্ৰান্ত যাত্ৰীৰ অৱস্থিতিৰ খবৰে আতংকৰ সৃষ্টি কৰে বিমানৰ ভিতৰত ৷ এই ঘটনা সংঘটিত হৈছে দিল্লী বিমান বন্দৰত ৷
![এয়াৰ এচিয়াৰ বিমানত কৰ'ণা ভাইৰাছত আক্ৰান্ত যাত্ৰী থকাৰ সন্দেহ ! AirAsia Pilot Escapes Via Secondary Exit as Suspected COVID-19 Patients on Pune-Delhi Flight](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6514740-thumbnail-3x2-a.jpg)
এয়াৰ এচিয়াৰ বিমানত কৰ'ণা ভাইৰাছত আক্ৰান্ত যাত্ৰী থকাৰ সন্দেহ
অন্যহাতে বিমানৰ বাকী যাত্ৰী কেইজনক বিমানৰ ক্ৰু সদস্য সকলৰ দ্বাৰা পাছ দুৱাৰেদি বাহিৰলৈ উলিয়াই দিয়ে ৷ অন্যহাতে পৰৱৰ্তী সময়ৰ সেই সন্দেহজনক যাত্ৰী কেইজনক পৰীক্ষা কৰাত কৰ'ণা আক্ৰান্ত নহয় বুলি নিশ্চিত কৰা হয় ৷ এই কথা সদৰি কৰে এয়াৰ ইণ্ডিয়াৰ এজন মুখপাত্ৰই ৷ উল্লেখযোগ্য যে, বিমানখনৰ ক্ৰু সদস্যসকল পূৰ্বৰে পৰা স্বকীয়ভাৱে আছুতীয়াকৈ আছিল ৷
লগতে পঢ়কঃলক্ ডাউনৰ নিয়মাৱলীক গুৰুত্ব সহকাৰে ল‘বলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ