অসম

assam

ETV Bharat / bharat

অ-পৰিৱৰ্তিত ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণ - পৰৱৰ্তী দুদিনলৈ পৰিস্থিতি একেই থকাৰ আশংকা ব্যক্ত কৰা হৈছে

উল্লেখ্য যে, আফ্ৰিকা এভেন্যু,সৰায় কালে খান আৰু বসন্ত বিহাৰ এলেকাত বুধবাৰে হঠাতে ডাঠ কুঁৱলীৰ দৰে এক আৱেষ্টনীয়ে আৱৰি ধৰে৷ পুৱা দিল্লীস্থ অক্ষৰধাম, লোধিৰোড আৰু সৰায় কালে খান এলেকাত প্ৰদূষণৰ মাত্ৰা 467, ধীৰপুৰত 442 আৰু দিল্লী বিশ্ববিদ্যালয়ত 498  ৷ ইফালে চান্দনী চ'কত এই মাত্ৰা নিম্নগামী হৈ 393 হয় ৷ তদুপৰি পুছাৰ'ডত প্ৰদূষণৰ মাত্ৰা 460 ৷

চৰম পৰ্যায়ত ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণ

By

Published : Nov 13, 2019, 11:32 AM IST

নতুন দিল্লী, 13 নৱেম্বৰ: অ-পৰিৱৰ্তিত ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণ, এতিয়াও প্ৰদূষণৰ কবলত বহু অঞ্চল ৷ ৰাজধানী চহৰখনত প্ৰদূষণৰ মাত্ৰাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ ৰাজ্যখনৰ প্ৰায়বোৰ এলেকাতে বিষাক্ত ধোঁৱাই ছানি ধৰাৰ ফলত জনসাধাৰণৰ প্ৰতি ভাবুকি আহি পৰিছে ৷ উল্লেখ্য যে, আফ্ৰিকা এভেন্যু,সৰায় কালে খান আৰু বসন্ত বিহাৰ এলেকাত বুধবাৰে হঠাতে ডাঠ কুঁৱলীৰ দৰে এক আৱেষ্টনীয়ে আৱৰি ধৰে৷ পুৱা দিল্লীস্থ অক্ষৰধাম, লোধিৰোড আৰু সৰায় কালে খান এলেকাত প্ৰদূষণৰ মাত্ৰা 467, ধীৰপুৰত 442 আৰু দিল্লী বিশ্ববিদ্যালয়ত 498 ৷ ইফালে চান্দনী চ'কত এই মাত্ৰা নিম্নগামী হৈ 393 হয় ৷ তদুপৰি পুছাৰ'ডত প্ৰদূষণৰ মাত্ৰা 460 ৷ বায়ু প্ৰদূষণৰ বাবে দিল্লীৰ স্বাভাৱিক জীৱনযাত্ৰাত ব্যাঘাত হৈছে ৷ হায়দৰাবাদৰ পৰা দিল্লীলৈ অহা পৰ্যটক ষ্টিফেন লেউৰাই এই সন্দৰ্ভত কয় যে, তেওঁ প্ৰদূষণৰ বাবে প্ৰাতঃভ্ৰমণলৈ যাব পৰা নাই ৷ তদুপৰি উশাহ-নিশাহত কষ্ট অনুভৱ কৰা বুলিও উল্লেখ কৰে ৷ প্ৰদূষণ ৰোধ কৰিবলৈ ইতিমধ্যে 'মাস্ক' পৰিধান কৰা বুলিও মন্তব্য কৰে ৷
বিগত 2-3 দিনৰ তুলনাত বুধবাৰে দিল্লীত প্ৰদূষণৰ মাত্ৰা হঠাতে বৃদ্ধি পায় ৷ ফলত, চকু আৰু উশাহ-নিশাহত কষ্ট অনুভৱ কৰা বুলি স্থানীয় যুৱক অংকিতে প্ৰকাশ কৰে ৷ সম্প্ৰতি দিল্লীৰ আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ আছে ৷ পৰৱৰ্তী দুদিনলৈ এই পৰিস্থিতি অব্যাহত থকাৰ আশংকা ব্যক্ত কৰা হৈছে ৷

মুম্বাই,পুনে,আহমেদাবাদ আদিৰ দৰে চহৰসমুহত বায়ুৰ মাত্ৰা মধ্যম অৱস্থাত থকাই জনসাধাৰণে সকাহ লাভ কৰিছে ৷ বৰ্তমান মুম্বাইত প্ৰদূষণৰ মাত্ৰা মাত্ৰা 117,পুনেত 97 আৰু আহমেদাবাদত 191 ৷

লগতে চাওক:ভাৰত অবিহনে RCEP দুৰ্বলঃ অষ্ট্ৰেলিয়ান আমোলা

ABOUT THE AUTHOR

...view details