অসম

assam

ETV Bharat / bharat

এয়াৰ ইণ্ডিয়া, ভিষ্টাৰাৰ ঘৰুৱা বিমানৰ বুকিং মুকলি - শুকুৰবাৰৰ পৰা আৰম্ভ এয়াৰ ইণ্ডিয়া, ভিষ্টাৰাৰ বিমানৰ বুকিং

শুকুৰবাৰৰ পৰা আৰম্ভ এয়াৰ ইণ্ডিয়া, ভিষ্টাৰাৰ বিমানৰ বুকিং ৷ টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰে এয়াৰলাইনছে ৷

টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ
এয়াৰ ইণ্ডিয়া, ভিষ্টাৰাৰ ঘৰুৱা বিমানৰ বুকিং মুকলি

By

Published : May 22, 2020, 5:56 PM IST

নেশ্যনেল ডেস্ক, 22 মে': শুকুৰবাৰে এয়াৰ ইণ্ডিয়া আৰু ভিষ্টাৰাই প্ৰকাশ কৰে যে, এয়াৰলাইনছ দুটাই আজিৰ পৰা আৰম্ভ কৰিছে ঘৰুৱা বুকিং ৷ এক টুইটৰ জৰিয়তে এয়াৰ ইণ্ডিয়াই কয়, "ভাল খবৰ ! আমাৰ ঘৰুৱা বিমানৰ বুকিং নিশা 12:30 ৰ পৰা আৰম্ভ হ'ব ৷ টিকেট বুকিঙৰ বাবে http://airindia.in ত লগ ইন, প্ৰাধিকৃত ট্ৰেভেল এজেন্টৰ সৈতে যোগাযোগ অথবা আমাৰ বুকিং কাৰ্যালয় ভ্ৰমণ কৰিব পাৰিব ৷"

আনহাতে, ভিষ্টাৰাইও 25 মে', 2020 ৰ পৰা ঘৰুৱা বিমান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে ৷ ভাৰত চৰকাৰৰ অসামৰিক বিমান মন্ত্ৰণালয়ে নিৰ্দেশ প্ৰদান কৰাৰ পাচতে ভিষ্টাৰাই এই ঘোষণা কৰে ৷

বৰ্তমান এয়াৰলাইনে কিছু সীমিত স্থানলৈ সেৱা আগবঢ়াব আৰু লাহে লাহে ইয়াৰ পৰিসৰ বৃদ্ধি কৰিব ৷

ভিষ্টাৰাৰ মুখ্য কাৰ্যবাহী সঞ্চালক লেছলি থঙে কয়, "দেশৰ অৰ্থনীতিৰ শ্ৰীবৃদ্ধিত বিমান পৰিবহণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু বিমান পৰিবহণৰ অনুমতি দিয়াৰ ফলত দেশলৈ সাধাৰণ পৰিস্থিতি ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰৰ সহায় হ'ব ৷ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰা আৰু বিমান খণ্ডৰ হিতাধিকাৰীৰ বাবে নতুন নিৰ্দেশাৱলী অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো ৷ আমি চৰকাৰৰ পদক্ষেপক সমৰ্থন জনাই থাকিম আৰু সুৰক্ষা, পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু প্ৰতিৰক্ষাৰ দিশত সৰ্বোচ্চ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰচেষ্টা চলাম ৷ এনে কৰিলেহে যাত্ৰীসকলৰো আমাৰ ওপৰত বিশ্বাস ঘনীভূত হৈ থাকিব ৷"

For All Latest Updates

ABOUT THE AUTHOR

...view details