অসম

assam

ETV Bharat / bharat

বন্দে ভাৰত অভিযান : বিশেষ ঘৰুৱা বিমানৰ চলাচল কৰিব এয়াৰ ইণ্ডিয়াই ! - ঘৰুৱা বিমানৰ চলাচল

দ্বিতীয় পৰ্যায়ত আৰম্ভ হ'ব লগীয়া বন্দে ভাৰত অভিযানৰ বাবে বিশেষ ঘৰুৱা বিমান চলাচল কৰাৰ সিদ্ধান্ত লৈছে এয়াৰ ইণ্ডিয়াই । বিদেশৰ পৰা অহা লোক সকলক নিজ নিজ ৰাজ্যলৈ নিয়া হ'ব এই বিমানৰ জৰিয়তে ।

বন্দে ভাৰত অভিযান
বন্দে ভাৰত অভিযান

By

Published : May 14, 2020, 11:27 AM IST

নিউজ ডেস্ক, 14 মে': ৰাষ্ট্ৰীয় বিমান পৰিবহন উদ্যোগ এয়াৰ ইণ্ডিয়াই বিশেষ ঘৰুৱা বিমান চলাচলৰ ব্যৱস্থা কৰিব দ্বিতীয় পৰ্যায়ৰ বন্দে ভাৰত অভিযানত । অৱশ্যে এই সেৱা বিদেশৰ পৰা উদ্ধাৰ কৰি অনা লোক সকলকৰ বাবেহে উপলব্ধ হ'ব । বিদেশৰ পৰা অহা লোক সকলক নিজ নিজ ৰাজ্যলৈ প্ৰেৰণ কৰা হ'ব এই ঘৰুৱা বিমান সেৱাৰ জৰিয়তে ।

বিমান প্ৰতিস্থানটোৱে COVID-19 সংকটৰ সময়ত বিদেশত থকা লোক সকলক উদ্ধাৰ কৰি ভাৰতলৈ অনাৰ কামত নিয়োজিত হৈ আছে ।

বুধবাৰে 13 খন বিমানৰ জৰিয়তে এয়াৰ ইণ্ডিয়াই 2669 গৰাকী লোকক বিমানেৰে উদ্ধাৰ কৰি ভাৰতলৈ আনিছে ।

ভাৰত চৰকাৰে 7 মে'ৰ পৰা বিদেশত আবদ্ধ হৈ থকা লোক সকলক উদ্ধাৰৰ বাবে বন্দে ভাৰত অভিযান আৰম্ভ কৰিছিল । 12 খন দেখৰ পৰা 64 খন বিমানেৰে 14800 জন লোকক উদ্ধাৰ কৰা হৈছে এই অভিযানত ।

ABOUT THE AUTHOR

...view details