অসম

assam

By

Published : May 12, 2020, 3:51 PM IST

ETV Bharat / bharat

বিদেশৰ পৰা 170জন ভাৰতীয়ক উদ্ধাৰ কৰি হায়দৰাবাদত উপস্থিত বিশেষ বিমান

আবু ধাবিৰ পৰা 170 জন ভাৰতীয়ক উদ্ধাৰ কৰি হায়দৰাবাদত উপস্থিত হয় এয়াৰ ইণ্ডিয়াৰ 1920 বিমানখন । নিশা 8.50 বজাত হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় বিমানখন ।

হায়দৰাবাদত উপস্থিত বিশেষ বিমান

নিউজ ডেস্ক, 12মে': সোমবাৰে নিশা এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানে 170 গৰাকী যাত্ৰী চৌদি আৰৱৰ পৰা কঢ়িয়াই ভাৰতত উপস্থিত হয় । ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিশা উপস্থিত হয় বিমানখন ।

বন্দে ভাৰত অভিযানৰ অংশ হিচাপে এয়াৰ ইণ্ডিয়াৰ 1920 বিমানখনে নিশা 8.50 বজাত হায়দৰাবাদত উপস্থিত হয় ।

এই লোকসকল লক্ ডাউনৰ ফলত আবু ধাবিত আৱদ্ধ হৈ আছিল । লোক সকল ভাৰতত উপস্থিত হোৱাৰ পাচত স্ক্ৰিনিং কৰি 14 দিনৰ কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছে প্ৰশাসনে । প্ৰশাসনে TSRTC ৰ সহায়ত এই লোক সকলত নিৰ্ধাৰিত হোটেল বা কোৱাৰেন্টাইন কেন্দ্ৰলৈ লৈ যায় ।

হায়দৰাবাদত এইয়া তৃতীয়টো বিমান অৱতৰণ । ইয়াৰ পূৰ্বে 163 গৰাকী যাত্ৰী কোৱেটৰ পৰা আৰু 118 গৰাকী যাত্ৰী ছান ফ্ৰানচেস্কেকো পৰা লৈ অনা হৈছিল ।

উল্লেখ্য যে, হায়দৰাবাদত মুঠ 7 খন বিমান অৱতৰণৰ বাবে সূচী নিৰ্ধাৰণ কৰা হৈছে । ইয়াৰ জৰিয়তে 6 খন দেশৰ পৰা মুঠ 2,350 গৰাকী বিদেশত আবদ্ধ হৈ থকা লোক ভাৰতলৈ আহিব ।

7 মে'ৰ পৰা 13 মে'লৈ বন্দে ভাৰত অভিযানৰ জৰিয়তে 64 খন বিমানেৰে 14,800 বিদেশত আবদ্ধ ভাৰতীয়ক নিজ দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে ।

ABOUT THE AUTHOR

...view details