অসম

assam

By

Published : Apr 5, 2020, 11:34 PM IST

ETV Bharat / bharat

চীনৰ পৰা 21 টন চিকিৎসা সামগ্ৰী কঢ়িয়ালে এয়াৰ ইণ্ডিয়াই

চীনৰ পৰা এয়াৰ ইণ্ডিয়াৰ চিকিৎসা সামগ্ৰী সংগ্ৰহ ৷ 21 টন সামগ্ৰী কঢ়িয়ালে এয়াৰ ইণ্ডিয়াই ৷

21 টন সামগ্ৰী
চীনৰ পৰা 21 টন চিকিৎসা সামগ্ৰী কঢ়িয়ালে এয়াৰ ইণ্ডিয়াই

নেশ্যনেল ডেস্ক, 5 এপ্ৰিল : কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ চিকিৎসাৰ বাবে 21 টন গুৰুত্বপূৰ্ণ চিকিৎসা সামগ্ৰী চীনৰ পৰা কঢ়িয়াই আনিলে এয়াৰ ইণ্ডিয়াই ৷ এই সম্পৰ্কত এয়াৰ ইণ্ডিয়াই প্ৰদান কৰা এক বিবৃতি অনুসৰি, "আন্তৰাষ্ট্ৰীয় পৰিসৰত নগৰ বিমান মন্ত্ৰণালয় আৰু এয়াৰ ইণ্ডিয়াই একত্ৰিত হৈ কঢ়িয়াই আনে গুৰুত্বপূৰ্ণ চিকিৎসা সামগ্ৰী ৷ 4 এপ্ৰিল, 2020 ত ভাৰত আৰু চীনৰ মাজত প্ৰথমখন কাৰ্গো বিমানৰ জৰিয়তে 21 টন গুৰুত্বপূৰ্ণ চিকিৎসা সামগ্ৰী কঢ়িয়াই অনা হয় ৷"

লগতে কোৱা হয় যে, 'লাইফলাইন উড়ান' সেৱাৰ অধীনত এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, পৱন হন্স আৰু অন্যান্য ব্যক্তিগত বিমানসেৱাৰ জৰিয়তে মুঠ 116 খন বিমানৰ চলাচল হৈছে ৷ ইয়াৰে 79 খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰৰ দ্বাৰা চলাচল কৰোৱা হয় ৷

ইয়াৰ জৰিয়তে 4 এপ্ৰিল পৰ্যন্ত 161 টন কাৰ্গো কঢ়িয়াই অনা হয় ৷ এই কাৰ্গো সমূহত আছে চিকিৎসা সামগ্ৰী, এনজাইম, টেষ্টিং কিট, PPE, মাস্ক, গ্ল'ভছ আৰু অন্যান্য সামগ্ৰী ৷

উল্লেখ্য যে, এই কাৰ্গো বিমানসমূহ দিল্লী, মুম্বাই, চেন্নাই, কলিকতা, হাইদৰাবাদ আৰু বাংগালুৰুত আছে ৷

গুৱাহাটী, ডিব্ৰুগড়, আগৰতলা, আইজল, ডিমাপুৰ, ইম্ফল, কইম্বাটোৰ, থিৰুৱনন্থৰপুৰম, ভূৱনেশ্বৰ, ৰায়পুৰ, ৰাঁচী, শ্ৰীনগৰ, পৰ্ট ব্লেয়াৰ, কোচিন, বিজয়ৱাড়া আৰু পানাজীৰ সৈতে সংলগ্ন 'লাইফলাইন উড়ান' বিমানসমূহ ৷

ABOUT THE AUTHOR

...view details