অসম

assam

এয়াৰ ইণ্ডিয়া তীব্ৰ আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন

By

Published : Oct 15, 2020, 11:51 AM IST

ৰাজ্যসভাৰ সাংসদ বিনয় বিস্যামলৈ প্ৰেৰণ কৰা এক পত্ৰত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদ্বীপ পুৰীয়ে অতিৰিক্ত ব্যয় হোৱাৰ পিছতো জৰুৰীকালীন সময়ছোৱাত এয়াৰ ইণ্ডিয়াৰ এগৰাকীও কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত নকৰাৰ বিষয়ে ইংগিত প্ৰদান কৰিছিল ৷ এই প্ৰসংগত পুৰীয়ে কয় এল ডব্লিউ পি আঁচনিৰ অধীনত কৰ্মৰত কৰ্মচাৰীসকলক বেতন অবিহনে পৰৱৰ্তী সময়ত ছুটী দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷

Air India facing very challenging financial situation Etv bharat news
এয়াৰ ইণ্ডিয়া তীব্ৰ আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন

নতুন দিল্লী,15 অক্টোবৰ: কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদ্বীপ পুৰীয়ে জৰুৰীকালীন সময়ছোৱাত এয়াৰ ইণ্ডিয়াৰ এগৰাকীও কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত নকৰাৰ বিষয়ে প্ৰকাশ কৰিছে ৷ যি নিসন্দেহে এক ভাল খবৰ ৷ বিগত সময়ত ঘৰুৱা বা আন্তঃৰাষ্ট্ৰীয় সকলো ক্ষেত্ৰতে ই প্ৰযোজ্য হৈছিল ৷ ৰাজ্যসভাৰ সাংসদ বিনয় বিস্যামলৈ প্ৰেৰণ কৰা এক পত্ৰত পুৰীয়ে বিমান সেৱাৰ ক্ষেত্ৰত সৃষ্টি হোৱা আৰ্থিক দুৰৱস্থাৰ বিষয়ত এনেদৰে উল্লেখ কৰে ৷ কিন্তু সেৱা অব্যাহত ৰাখিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰাৰ কথা জানিবলৈ দিয়ে পুৰীয়ে ৷

এয়াৰ ইণ্ডিয়াই প্ৰতিগৰাকী কৰ্মচাৰীক চলিত বৰ্ষৰ জুন মাহতো বেতন দিয়াৰ কথা প্ৰকাশ কৰে ৷ যি সময়ত কোভিড 19 ৰ বাবে বিমান খণ্ডত তীব্ৰ প্ৰত্যাহ্বান সৃষ্টিৰ লগতে আৰ্থিক সমস্যাৰ উদ্ভৱ হৈছিল ৷ পুৰীয়ে প্ৰকাশ কৰা অনুসৰি, এল ডব্লিউ পি আঁচনিৰ কৰ্মচাৰীসকলক কোম্পানীৰ সৈতে জড়িত থকাৰ স্বাৰ্থত কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে নিৰ্ধাৰিত সময়ৰ বাবে কাৰ্যালয়ৰ দায়িত্বৰ লগতে ছুটীৰ ব্যৱস্থা কৰে ৷ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় সকলো প্ৰকাৰৰে বিমান সেৱা খণ্ডৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য কৰা হৈছিল ৷

উল্লেখ্য যে, বিগত প্ৰায় ছমাহ পূৰ্বে বিশ্বত ভয়াৱহ ৰূপ ধাৰণ কৰা কোভিড 19 ৰ ফলত স্তব্ধ হৈ ৰৈছিল বিমান সেৱা ৷ যাৰ বাবে বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হৈছিল বিমান খণ্ড ৷ এই সময়ছোৱাত বহু লোকে চাকৰি হেৰুওৱা দেখা গৈছিল ৷ কিন্তু বিমান খণ্ডত দেখা দিয়া তীব্ৰ আৰ্থিক মন্দাৱস্থা নেওচি কৰ্তৃপক্ষই কৰ্মচাৰীসকলক বেতন প্ৰদান কৰাৰ লগতে এগৰাকী কৰ্মচাৰীকো চাকৰিৰ পৰা বৰ্খাস্ত নকৰাৰ ঘটনাই সুকীয়া তাৎপৰ্য বহন কৰিছে ৷

লগতে চাওকঃদ্বি-পাক্ষিক সম্পৰ্কক লৈ ভাৰত-পৰ্তুগালৰ মাজত বৈঠক

ABOUT THE AUTHOR

...view details