নিউজ ডেস্ক, 22 মেঃ ব্ৰাহ্মোছ ক্ষেপনাস্ত্ৰৰ এক সফল পৰীক্ষণৰে দেশৰ সুৰক্ষা শক্তি বৃদ্ধি কৰিলে ভাৰতীয় বায়ু সেনাই ৷ বুধবাৰে এক অজ্ঞাত স্থানৰ পৰা ছুখই 30 এম কে আই যুঁজাৰু বিমানৰ সহায়ত ক্ষেপনাস্ত্ৰটোৰ সফল পৰীক্ষণ সম্পন্ন কৰে বায়ু সেনাই ৷
ব্ৰাহ্মোছ ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ কৰিলে বায়ু সেনাই - EtvBharatAssam
দেশৰ অন্যতম শক্তিশালী ক্ৰুইজ মিছাইল ব্ৰাহ্মোছ ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ সমাপ্ত কৰিলে ভাৰতীয় বায়ু সেনাই ৷
ভাৰত আৰু ৰাছিয়াৰ যুটীয়া সহযোগত নিৰ্মিত ব্ৰাহ্মোছ ক্ষেপনাস্ত্ৰ হৈছে বিশ্বৰ ভিতৰতে অন্যতম শক্তিশালী ক্ৰুইজ মিছাইল ৷ ইতিমধ্যে স্থল আৰু নৌ-সেনাই ইয়াৰ পৰীক্ষণ সমাপ্ত কৰাৰ লগতে ইয়াক ব্যৱহাৰ কৰি আহিছে ৷ 2.5 টন ওজনৰ ব্ৰাহ্মোছ ক্ষেপনাস্ত্ৰৰ বায়ু সংস্কৰণে 290 কিলোমিটাৰ দুৰত্বত ঘন্টাত মেক3 গতিবেগত লক্ষ্য ভেদ কৰিব পাৰে ৷
বায়ুসেনাৰ বাবে এই ক্ষেপনাস্ত্ৰ ব্যৱহাৰ কৰিবলৈ ছুখই বিমানক বিশেষভাৱে নিৰ্মাণ কৰি উলিওৱাৰ লগতে টেজাছ যুদ্ধবিমানত ব্যৱহাৰ কৰিব পৰাকৈ ইয়াৰ বিশেষ সংস্কৰণ তৈয়াৰ কৰি উলিওৱা হৈছে ৷ আনহাতে আজিৰ এই পৰীক্ষণৰ দ্বাৰা ভাৰতীয় বায়ু সেনাই বিশ্বৰ ভিতৰতে আকাশী ক্ৰুইজ মিছাইল প্ৰক্ষেপ কৰিব পৰা একমাত্ৰ সেনা হোৱাৰ গৌৰৱৰ অধিকাৰী হয় ৷