অসম

assam

By

Published : Oct 8, 2019, 2:39 PM IST

ETV Bharat / bharat

বায়ুসেনা দিৱস : ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলী জ্ঞাপন সেনা প্ৰধানৰ

স্থলসেনা প্ৰধান বিপিন ৰাৱট, বায়ুসেনা প্ৰধান আৰ. কে. এছ. ভাডায়ুৰিয়া, নৌসেনা প্ৰধান এডমিৰেল কৰমবীৰ সিঙে ভাৰতীয় বায়ু সেনাৰ 87 সংখ্যক বৰ্ষপূৰ্তি উপলক্ষ্যে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ এই শুভক্ষণত ভাৰতীয় বায়ুসেনাই সাহসী বীৰ যুদ্ধাসকলক শ্ৰদ্ধাৰে সোঁৱৰে ৷

87 সংখ্যক বায়ুসেনা দিৱস

নেশ্বনেল ডেস্ক, 8 অক্টোবৰ : স্থলসেনা প্ৰধান বিপিন ৰাৱট, বায়ুসেনা প্ৰধান আৰ. কে. এছ. ভাডায়ুৰিয়া, নৌসেনা প্ৰধান এডমিৰেল কৰমবীৰ সিঙে ভাৰতীয় বায়ু সেনাৰ 87 সংখ্যক বৰ্ষপূৰ্তি উপলক্ষ্যে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷

এই শুভক্ষণত ভাৰতীয় বায়ুসেনাই সাহসী বীৰ যুদ্ধাসকলক শ্ৰদ্ধাৰে সোঁৱৰে ৷ হিন্দানস্থিত বায়ু সেনা ষ্টেচনত 87 সংখ্যক বৰ্ষপূৰ্তি উপলক্ষ্যে এক পেৰেডৰ আয়োজন কৰা হয় ৷

উল্লেখ্য যে, 1932 চনৰ 8 অক্টোবৰত ব্ৰিটিছ শাসনৰ সময়ছোৱাতে অবিভক্ত ভাৰতত বায়ুসেনাৰ জন্ম হৈছিল ৷ দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত অংশগ্ৰহণ কৰাৰ বাবে বায়ুসেনাক 'ৰয়েল' উপাধি প্ৰদান কৰিছিলে কিং জৰ্জ VI য়ে ৷ কিন্তু ভাৰতে স্বাধীনতা লাভৰ পাছত 1950 চনত এই উপাধি উঠাই লোৱা হৈছিল ৷

ABOUT THE AUTHOR

...view details