নিউজ ডেস্ক, 27 মাৰ্চ: অ‘ল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল‘ ব‘ৰ্ডে বৃহস্পতিবাৰে টুইটাৰ যোগে দেশৰ মুছলমান সমাজক আজিৰ জুম্মাৰ নামাজ পঢ়িবলৈ মছজিদত গৈ ভিৰ কৰাৰ সলনি ঘৰতে জোহৰৰ নামাজ আদায় কৰিবলৈ আহ্বান জনায় ৷ বিশ্বজুৰি কৰ‘ণা ভাইৰাছে ধাৰণ কৰা ভয়ংকৰ ৰূপৰ বাবে মছজিদত একত্ৰিত ভাৱে নামাজ পঢ়িলে এই ভাইৰাছ সংক্ৰমণ হোৱাৰ আশংকাৰ বাবেই এই আহ্বান জনাইছে এ আই এম পি এল বিয়ে৷ উল্লেখযোগ্য যে, বৃহস্পতিবাৰে দেশৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা মন্ত্ৰালয়ে বৃহস্পতিবাৰৰ দিনটোত 88 জন লোক এই ভাইৰাছৰ কৱলত পৰা বুলি সদৰি কৰে ৷
দেশৰ মুছলমান সকলক জোহৰৰ নামাজ ঘৰতে পঢ়িবলৈ আহ্বান অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল‘ ব‘ৰ্ডৰ - অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল‘ ব‘ৰ্ড
কৰ‘ণা ভাইৰাছৰ ভয়াৱহতাৰ বাবে দেশৰ মুছলমান সকলক জোহৰৰ নামাজ ঘৰতে পঢ়িবলৈ আহ্বান অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল‘ ব‘ৰ্ডৰ ৷
Ministry of Health and Family Welfare
অন্যহাতে আন এক টুইটযোগে সংস্থাটোৱে জুম্মাৰ নামাজ আদায় কৰিবলৈ মচজিদত চাৰিজন লোকহে উপস্থিত থাকিবলৈ কয় ৷ ফাতেহপুৰী মচজিদৰ ইমাম মোকৰ্ৰম আহমেদে সকলোকে ঘৰত থাকি নামাজ আদায় কৰাৰ লগতে চৰকাৰৰ নীতি নিৰ্দেশনা সমূহ মানি চলিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক : লক ডাউনৰ বুজ ল’লে অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়ে