অসম

assam

এইয়া সত্যৰ নহয় বিশ্বাসৰ জয়: আচাদউদ্দিন ওৱেচি

By

Published : Nov 9, 2019, 4:24 PM IST

অযোধ্যা গোচৰৰ ৰায়দানক লৈ হায়দৰাবাদৰ সাংসদ তথা এ আই এম আই এমৰ প্ৰধান আচাদউদ্দিন ওৱেচিৰ প্ৰতিক্ৰিয়া ৷ ক'লে হিন্দুৰাষ্ট্ৰ হোৱাৰ পথত ভাৰতবৰ্ষ ৷

এইয়া সত্যৰ নহয় বিশ্বাসৰ জয়: আচাদউদ্দিন ওৱেচি

নতুন দিল্লী, 9 নৱেম্বৰ : শনিবাৰে ঘোষণা হোৱা বিবাদমান অযোধ্যা গোচৰৰ ৰায়দানক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সাংসদ আচাদউদ্দিন ওৱেচিয়ে ৷ উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে আজি অযোধ্যাৰ বিবাদমান ভূমিত ৰাম মন্দিৰ বনাবলৈ দিয়া ৰায়দানক বিশ্বাসৰ জয় আখ্যা দিলে হায়দৰাবাদৰ সাংসদ গৰাকীয়ে ৷ ৰায়দানৰ কিছুসময়ৰ পাছতে এক সংবাদমেল সম্বোধন কৰি ওৱেচিয়ে বাবৰি মছজিদৰ ঠাইত ৰাম মন্দিৰৰ বনোৱাৰ ন্যায়ালয়ৰ নিৰ্দেশত অসন্তুষ্টি প্ৰকাশ কৰি কয় যে,"বিবাদমান ভূমিত বাবৰি মছজিদৰ সলনি ৰাম মন্দিৰ বনাবলৈ নিৰ্দেশ দিয়াৰ বিপৰীতে মুছলিম চুন্নি ৱাকফ বৰ্ডক প্ৰদান কৰিলে মাত্ৰ 5 একৰ ভূমি ৷"

নিজৰ অসন্তুষ্টি দৰ্খাবলৈ গৈ ওৱেচিয়ে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়ধীশ জে এছ বাৰ্মাৰ উদাহৰণ দি কয় যে,"মই নহয় উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়ধীশ জে এছ বাৰ্মাই কৈছিল উচ্চতম ন্যায়ালয় সৰ্বোচ্চ কিন্তু নিৰ্ভূল নহয় ৷" ওৱেচিৰ অভিযোগ ৰায়দানত উচ্চতম ন্যায়ালয়ে 1992 চনত কৰসেৱক সকলৰ দ্বাৰা বাবৰি মছজিদ ধংসকাৰ্য আৰু তাৰ পৰৱৰ্তী সময়ত সংঘৰ্ষত হাজাৰ লোকৰ মৃত্যুত কৈ ৰাম মন্দিৰ বনোৱা বিষয়টোত হে অধিক গুৰুত্ব আৰোপ কৰিলে ৷ সংবাদমেলৰ শেষত সাংসদ আচাদউদ্দিন ওৱেচিয়ে কয়, " এইয়া জয় সত্যৰ ওপৰত বিশ্বাসৰ জয় ৷"

আৰু পঢ়ক: অযোধ্যা ৰায়দান: চুন্নি ৱাকফ বৰ্ডক 5 একৰ ভূমি প্ৰদান

ABOUT THE AUTHOR

...view details