অসম

assam

ETV Bharat / bharat

COVID-১৯ হাস্পতাললৈ ৰূপান্তৰ AIIMS ঝাজৰক : হৰ্ষ বৰ্ধন - হাৰিয়ানাৰ ঝাজৰৰ AIIMS

COVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ হাৰিয়ানাৰ ঝাজৰৰ AIIMS ক COVID-১৯ হাস্পতাললৈ ৰূপান্তৰ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনৰ ।

AIIMS, Jhajjar to function as dedicated COVID-19 hospital: Vardhan
AIIMS, Jhajjar to function as dedicated COVID-19 hospital: Vardhan

By

Published : May 5, 2020, 8:22 AM IST

নতুন দিল্লী, ৫ মে': হাৰিয়ানাৰ ঝাজৰৰ AIIMS চিকিৎসালয় পৰিদৰ্শন কৰি COVID-১৯ হাস্পতাললৈ ৰূপান্তৰ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনৰ । AIIMS, ঝাজৰ ৩০০ বিছনা যুক্ত আইচলেচন কক্ষ থকা হাস্পতাল আৰু এইটো সম্পূৰ্ণ ৰূপে COVID-19 ৰ চিকিৎসালয় হিচাপে কাৰ্যক্ষম হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰীগৰাকীয়ে ৰোগীৰ বাবে অত্যাধুনিক সুবিধাৰ লগতে আইচলেচন সুবিধা থকা বহু কেইটা ভৱন পৰিদৰ্শন কৰে । ইয়াৰ লগতে চিকিৎসক, অন্যান্য স্বাস্থ্য় কৰ্মীৰ আৱাস গৃহ, বিশ্ৰাম কৰা ঠাইৰো তন্ন তন্নকৈ চোৱা চিতা কৰে।

COVID-19 ত আক্ৰান্ত ৰোগীৰ সৈতেও ভিডিঅ' ক'লৰ জৰিয়তে কথা পতাৰ লগতে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয় । তেওঁলোকৰ পৰা AIIMS, ঝাজৰৰ সুবিধা সম্পৰ্কে মতামত গ্ৰহণ কৰে । যাতে প্ৰয়োজনীয় সুবিধা সমূহ উন্নত কৰিব পৰা যায় হাস্পতালখনৰ । ৰোগীৰ সুশ্ৰষা সম্পৰ্কে মতামতৰ পাচত AIIMS, ঝাজৰৰ কৰ্তৃপক্ষৰ কাম কাজক লৈ সন্তুষ্ট প্ৰকাশ কৰি প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে ।

COVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ চিকিৎসালয়ৰ প্ৰস্তুতি সম্পৰ্কে জানিবলৈ মন্ত্ৰীগৰাকীয়ে বহু কেইটা AIIMS দিল্লী, এলএনজিপি, আৰএমএল, ছফদৰজং, AIIMS ঝাজৰ হাস্পতাল পৰিদৰ্শন কৰে ।

স্বাস্থ্য বিষয়াৰ উদ্যমতাক দেখি প্ৰশংসা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । অৱশ্যে ৰোগী বা পৰিয়ালৰ সদস্যৰ দ্বাৰা কিছু কিছু স্থানত স্বাস্থ্য বিষয়াৰ ওপৰত দুব্যৱহাৰ কৰা সকলৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, গৃহবিভাগে ৰাষ্ট্ৰীয় সুৰক্ষা নীতিৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ।

সমগ্ৰ বিশ্বতে বৰ্তমান এই ভাইৰাছৰ প্ৰতিষেধক তৈয়াৰৰ বাবে দিনে-নিশাই পৰীক্ষা চলাই থকা হৈছে । কিন্তু বৰ্তমানো আৱিষ্কাৰ কৰিব পৰা হোৱা নাই প্ৰতিষেধক । লক্ ডাউন, সামাজিক দূৰত্বই হৈছে এক সামাজিক প্ৰতিষেধক বুলি কয় স্বাস্থ্য়মন্ত্ৰীগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details