অসম

assam

ETV Bharat / bharat

ধৰ্মঘটত বহিল এইমছৰ চিকিৎসক - পশ্চিমবংগ

এই ধৰ্মঘটৰ ফলত জৰুৰীকালিন চিকিৎসা যেনে, আইচিইউ, প্ৰসূতি ৰুম আদিত কোনো ধৰণৰ প্ৰভাৱ নপৰে বুলি জানিবলৈ দিয়ে চিকিৎসকসকলে ৷ সোমবাৰে এক আলোচনা চক্ৰৰ জৰিয়তে এই সিদ্ধান্ত গ্ৰহণ কৰে দেশৰ বিভিন্ন প্ৰান্তৰ চিকিৎসকসকলে ৷

ধৰ্মঘটত বহিল এইমছৰ চিকিৎসক

By

Published : Jun 17, 2019, 1:10 PM IST

নিউজ ডেস্ক, 17 জুন : দেশৰ বিভিন্ন প্ৰান্তত চিকিৎসক সকলৰ ওপৰত সংঘটিত হৈ থকা হিংসাত্মক ঘটনাৰ বিৰুদ্ধে সোমবাৰে এইমছৰ চিকিৎসকসকলে ধৰ্মঘটত বহি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ কিন্তু এই ধৰ্মঘটৰ ফলত জৰুৰীকালিন চিকিৎসা যেনে, আইচিইউ, প্ৰসূতি ৰুম আদিত কোনো ধৰণৰ প্ৰভাৱ নপৰে বুলি জানিবলৈ দিয়ে চিকিৎসকসকলে ৷ সোমবাৰে এক আলোচনা চক্ৰৰ জৰিয়তে এই সিদ্ধান্ত গ্ৰহণ কৰে দেশৰ বিভিন্ন প্ৰান্তৰ চিকিৎসকসকলে ৷ দিল্লী এইমছৰ জৰুৰীকালীন বিভাগত ৰোগীৰ আত্মীয়ই এজন কনিষ্ঠ চিকিৎসকক দেওবাৰে অপদস্থ কৰাৰ পাছতে তৎকালীনভাৱে এই ধৰ্মঘটৰ আয়োজন কৰা বুলি জানিবলৈ দিয়ে চিকিৎসক কলে ৷

উল্লেখ্য যে, পশ্চিমবংগত চিকিৎসক সকলৰ এই ধৰ্মঘটে সোমবাৰে সপ্তম দিনত ভৰি দিয়াৰ লগতে দেশৰ অন্য স্থান বোৰলৈও ইয়াৰ প্ৰভাৱ বিয়পি পৰিছে ৷ এই ধৰ্মঘটৰ লগতে চিকিৎসক সকলে এইমছ চৌহদত প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ন কৰে ৷ দিল্লী এইমছৰ উপৰি জয়পুৰৰ জয়পুৰীয়া চিকিৎসালয়, বদোদৰা চায়াজিৰাও চিকিৎসালয়, আইজিআইএমএছ পাটনা, বেংগালুৰুৰ ভিক্ট'ৰিয়া হস্পিতেল, গুৱাহাটী মেডিকেল কলেজ, লুধিয়ানা অসামৰিক চিকিৎসালয়, পিজিআই চণ্ডীগড়, ৰাঁচী ৰিমছ আদিতো চিকিৎসক সকলে সোমবাৰৰ পৰা ধৰ্মঘটত বহে ৷

ABOUT THE AUTHOR

...view details