অসম

assam

ETV Bharat / bharat

ডাঃ দেৱেন দত্তৰ হত্যাৰ বিৰুদ্ধে এইমছত প্ৰতিবাদ - চিকিৎসকসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী

ৰাজ্যৰ জ্যেষ্ঠ চিকিৎসক ডাঃ দেৱেন দত্তৰ হত্যাকাণ্ডৰ বিৰুদ্ধে মঙলবাৰে নতুন দিল্লীত প্ৰতিবাদ সাব্যস্ত ৷ সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠান চমুকৈ এইমছৰ চিকিৎসকসকলে জোৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

ডাঃ দেৱেন দত্তৰ হত্যাৰ বিৰুদ্ধে এইমছত প্ৰতিবাদ

By

Published : Sep 4, 2019, 12:42 AM IST

নিউজ ডেস্ক, 3 ছেপ্তেম্বৰঃযোৰহাট জিলাৰ টীয়কত সংঘটিত ডাঃ দেৱেন দত্তৰ হত্যাকাণ্ডৰ বিৰুদ্ধে নতুন দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসকে ৷ সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠান চমুকৈ এইমছৰ চিকিৎসকসকলে হাতত মমবাতি লৈ শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰে ৷

ডাঃ দেৱেন দত্তৰ হত্যাৰ বিৰুদ্ধে এইমছত প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে দেশৰ চিকিৎসকসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰে ৷ স্বাস্থ্য মন্ত্ৰালয়ে চেন্ট্ৰেল প্ৰটেকশ্বন এক্টত শুধৰনি কৰি চিকিৎসকক নিৰাপত্তা প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰে এইমছৰ বিশিষ্ট চিকিৎসক ডাঃ অমৰিন্দৰ সিঙে ৷ প্ৰতিবাদৰ অংশস্বৰূপে চিকিৎসকৰ দলটোৱে ডাঃ দেৱেন দত্তৰ প্ৰতিমূৰ্তিৰ আগত বন্তি প্ৰজ্জ্বলন কৰে ৷

ডাঃ দেৱেন দত্তৰ হত্যাৰ বিৰুদ্ধে এইমছত প্ৰতিবাদ

উল্লেখ্য যে, টীয়কৰ এখন চাহ বাগিছাত সাধাৰণ কথাতে একাংশ উদণ্ড তথা বিকৃত মানসিকতাৰ লোকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল অসমৰ এগৰাকী জ্যেষ্ঠ চিকিৎসক ডাঃ দেৱেন দত্তক ৷ ডাঃ দত্তৰ হত্যাকাণ্ডৰ গোচৰত যোৰহাট আৰক্ষীয়ে এতিয়ালৈকে 30গৰাকী লোকক আটক কৰিছে ৷ টীয়ক আৰক্ষী চকীত 434/2019 নং গোচৰত সৰ্বভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা u/s 302, 341, 342, 427, 506, 143, 144, 147, 148, r/w 149, 186 আৰু অসম স্বাস্থ্য সেৱা কৰ্মী আৰু স্বাস্থ্য সেৱা অনুষ্ঠান (হিংসা আৰু সম্পত্তি ধ্বংস প্ৰতিৰোধ) আইন 2011ৰ ধাৰাৰ 4 অধীনত আটাইকেইগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details