নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰী : আগ্ৰাৰ মেয়ৰ নভীন জৈনে, সন্মানাৰ্থে আমেৰিকাৰ ৰাষ্ট্ৰপতিক ৰূপৰ এটা 'key of the city' প্ৰদান কৰিব ৷ আগ্ৰা ভ্ৰমণৰ সময়তে এই উপহাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিক প্ৰদান কৰিব মেয়ৰগৰাকীয়ে ৷ এই বিশেষ উপহাৰটোত আগ্ৰা চহৰক প্ৰতিনিধিত্ব কৰা থাকিব বুলি জনাইছে মেয়ৰগৰাকীয়ে ৷
আমেৰিকাৰ ৰাষ্ট্ৰপতিক ৰূপৰ 'key of the city' প্ৰদান কৰিব আগ্ৰাৰ মেয়ৰে - trump visit sabarmati ashram
আগ্ৰাৰ মেয়ৰ নভীন জৈনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সন্মান জনোৱাৰ অৰ্থে প্ৰদান কৰিব ৰূপৰ 'key of the city' ৷ অহা 24 ফেব্ৰুৱাৰীত ভাৰত ভ্ৰমণলৈ আহিবলগা আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে 25 ফেব্ৰুৱাৰীত আগ্ৰা ভ্ৰমণ কৰিব ৷
![আমেৰিকাৰ ৰাষ্ট্ৰপতিক ৰূপৰ 'key of the city' প্ৰদান কৰিব আগ্ৰাৰ মেয়ৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিক ৰূপৰ 'key of the city' প্ৰদান কৰিব আগ্ৰাৰ মেয়ৰে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6165753-thumbnail-3x2-0.jpg)
চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই বিশেষ চাবিপাত খেৰিয়া বায়ুসেনা চাউনীত আমেৰিকাৰ ৰাষ্ট্ৰপতিক প্ৰদান কৰিব মেয়ৰ নভীন জৈনে ৷ এই চাবিপাত এএমচি প্ৰশাসনে দিল্লীস্থিত অলংকাৰ বিশেষজ্ঞৰ দ্বাৰা তৈয়াৰ কৰি উলিয়াইছে আৰু 12 ইঞ্চি দীঘল চাবিপাতত তাজমহলৰ লগতে 'Welcome to Agra' আৰু 'Agra Municipal corporation' লিখা থাকিব বুলি জানিব পৰা গৈছে ৷
মেয়ৰ নভীন জৈনে ইয়াক আগ্ৰা চহৰবাসীৰ বাবে এক ঐতিহাসিক মূহুৰ্ত বুলি প্ৰকাশ কৰি, চাবিপাতে প্ৰেম আৰু আগ্ৰাৰ সাংস্কৃতিক সৌন্দৰ্য প্ৰতিনিধিত্ব কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণ স্মৰণীয় কৰি ৰাখিব বুলি মন্তব্য কৰে ৷