অসম

assam

ETV Bharat / bharat

ট্ৰাম্প বাহিনীক আদৰিবলৈ সাজু আগ্ৰা - ড'নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণ

350 গৰাকী শিল্পীৰ দ্বাৰা পৰম্পৰাগত বাদ্যযন্ত্ৰৰ এক অনুষ্ঠানেৰে ট্ৰাম্প বাহিনীক আদৰণি জনোৱা হ'ব ৷ উল্লেখ্য যে, ট্ৰাম্পৰ স'তে তাজমহললৈ যাত্ৰা নকৰিলেও,খেৰিয়া বিমান বন্দৰত আদৰণি অনুষ্ঠানত উপস্থিত থাকিব উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেলৰ লগতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৷ লগতে ৰাষ্ট্ৰপতিগৰাকীৰ উভতণী পথটো বিমান বন্দৰত উপস্থিত থাকিব উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীগৰাকী ৷

Agra decked up to welcome Trump
Agra decked up to welcome Trump

By

Published : Feb 24, 2020, 11:46 AM IST

নিউজ ডেস্ক,24 ফেব্ৰুৱাৰীঃ ৰাজপথৰ দুয়োকাষে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পতাকাৰ লগতে ভাৰতীয় জাতীয় পতাকা,বিশাল বেনাৰত শুভেচ্ছা বাণীৰে আৰু কটকটীয়া নিৰাপত্তা বাহিনীৰ মাজত সোমবাৰে ট্ৰাম্পবাহিনীক আদৰিবলৈ সাজু হৈছে আগ্ৰা চহৰ ৷

পোনপ্ৰথমে আহমেদাবাদৰ নৱনিৰ্মিত ম'টেৰা ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স'তে "Namaste Trump" শীৰ্ষক অনুষ্ঠানত ভাগ লৈ পোনে পোনে আগ্ৰামুখী হ'ব ৰাষ্ট্ৰপতিগৰাকী ৷ অতিথি আগমণৰ উদ্দেশ্য "আগ্ৰাখনক শ্ৰেষ্ঠভাৱে উপস্থাপন" কৰিবলৈ বিগত কেবাদিন ধৰি ব্যস্ত হৈ পৰিছে আগ্ৰা প্ৰশাসন ৷

আগ্ৰাৰ আৰক্ষী আয়ুক্তই প্ৰদান তথ্য অনুসৰি,সোমবাৰে সন্ধিয়া প্ৰায় 4.30 বজাত ৰাষ্ট্ৰপতিগৰাকী "খেৰিয়া"বিমান বন্দৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ৰাষ্ট্ৰপতিগৰাকী ৷ উক্ত স্থানতে প্ৰায় 350 গৰাকী শিল্পীৰ দ্বাৰা পৰম্পৰাগত বাদ্যযন্ত্ৰৰ এক অনুষ্ঠানেৰে ট্ৰাম্প বাহিনীক আদৰণি জনোৱা হ'ব ৷ উল্লেখ্য যে, ট্ৰাম্পৰ স'তে তাজমহললৈ যাত্ৰা নকৰিলেও,খেৰিয়া বিমান বন্দৰত আদৰণি অনুষ্ঠানত উপস্থিত থাকিব উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেলৰ লগতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৷ লগতে ৰাষ্ট্ৰপতিগৰাকীৰ উভতনী পথটো বিমান বন্দৰত উপস্থিত থাকিব উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীগৰাকী ৷

কটকটীয়া নিৰাপত্তা বেষ্টনীত চহৰখনৰ মাজেৰে 13 কিলোমিটাৰ পথ অতিক্ৰম কৰি হোটেল অমৰবিলাসলৈ অনা হ'ব ট্ৰাম্প বাহিনীক ৷ তথ্য অনুসৰি, US Secret Service ৰ অধীনত থকা তিনি তৰপীয়া নিৰাপত্তা বাহিনীৰ মাজত ৰখা হ'ব ৰাষ্ট্ৰপতিগৰাকীক ৷ ইয়াৰোপৰি চহৰখনত আৰক্ষী, অৰ্ধসামৰিক বাহিনী, NSGৰ লগতে PACI আৰু কোনো কোনো স্থানত ৰেপি় এক্সন ফ'ৰ্ছৰ জোৱানসকলকো মোতায়েন কৰা হৈছে ৷ লগতে তাজমহল আৰু ইয়াৰ দাঁতিকাষৰ অঞ্চলসমূহত চোকা দৃষ্টি ৰাখিছে আৰক্ষী বাহিনী আৰু অৰ্ধসামৰিক বাহিনীয়ে ৷

আগ্ৰাৰ DMৰ তথ্য অনুসৰি,সোমবাৰে সন্ধিয়া 5.15 ত এঘন্টাৰ বাবে তাজমহলত উপস্থিত হ'ব ৰাষ্ট্ৰপতিগৰাকী ৷ সেই স্থানৰ পৰা তাজমহল গেটৰ পূৱ দিশত থকা অমৰবিলাস হোটেললৈ Eco-Friendly গ'ল্ফ কাৰ্টেৰে ৰাওনা হ'ব ৰাষ্ট্ৰপতি লগতে তেওঁৰ পৰিয়াল আৰু তেওঁৰ স'তে ভাৰতলৈ অহা উচ্চস্তৰীয় প্ৰতিনিধিমণ্ডল ৷ উল্লেখ্য যে, তাজমহলৰ পৰা 500 মিটাৰৰ ভিতৰত পেট্ৰ'ল-ডিজেল দ্বাৰা চালিত কোনো ধৰণৰ বাহনক অনুমতি প্ৰদান নকৰে উচ্চতম ন্যায়ালয়ে ৷ পূৰ্বতেও তাজমহল দৰ্শনৰ বাবে অহা বহু বিশ্ব নেতাই গ'ল্ফ কাৰ্টৰ দ্বাৰাই ভ্ৰমণ কৰিছে ৷

লগতে পঢ়কঃ ড'নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ কাৰ্যসূচী বিশেষ

বিগত বহু দিনে ঐতিহাসিক আগ্ৰা চহৰক নতুন ৰূপ দিবলৈ অতি ব্যস্ত হৈ পৰিছে আগ্ৰা প্ৰশাসন ৷ ইতিমধ্যে মেৰামতি কৰা হৈছে চহৰখনৰ পুৰণি বাট-পথসমূহৰ ৷ পথৰ দাঁতিৰ ডিভাইদাৰসমূহটো বিভিন্ন অংকন কৰাৰ লগতে অদৰকাৰীভাৱে থকা পুৰণি বেনাৰ-পোষ্টাৰসমূহকো আতঁৰাই ট্ৰাম্পৰ আগমণৰ বাবে সেই স্থানত আগ্ৰাৰ ব্ৰীজ সংস্কৃতি আৰু ঐতিহ্যমণ্ডিত কলা-সংস্কৃতিৰ চিত্ৰৰে সজ্জিত কাৰ হৈছে ৷ আনহাতে ধূলি-বালিৰ পৰা পৰিত্ৰাণ পাবলৈ সময়ে সময়ে পথছোৱাত পানী ছতিয়াই থকা হৈছে ৷ এই ক্ষেত্ৰত তাজমহলৰো পৰিষ্কাৰ-পৰিছন্নতাৰ ওপৰত দৃষ্টি ৰাখিছে প্ৰশাসনে ৷ পৰিৱেশীয় অৱস্থাৰ উন্নীতকৰণৰ বাবে বিগত কিছু দিনত যমুনাৰ পানীৰ ব্যৱহাৰ অব্যাহত ৰখাৰ লগতে নদীখনৰ পাৰটো চাফ-চিকুণ কৰা হৈছে ৷ আনহাতে,সোমবাৰে 11.30 বজাতে পৰ্যটকৰ বাবে বন্ধ হৈ পৰিব তাজমহলৰ দুৱাৰ ৷ ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণত চহৰখনৰ ব্যস্ততা বৃদ্ধি হৈ পৰিছে ফলত পৰ্যটকসকলৰ বাবে সোমবাৰটো অতি দীঘলীয়া দিন হৈ পৰিছে ৷

সমান্তৰালকৈ তাজাগঞ্জৰ মাজেৰে ট্ৰাম্পৰ কণভয় যাব সেয়ে উক্ত স্থানৰ দোকান,বাট-পথসমূহকো নতুন ৰূপ প্ৰদান কৰাৰ চেষ্টা কৰিছে ৷ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ আগমণত উৎসাহী হৈ পৰিছে আগ্ৰাৰ প্ৰতিজন ব্যক্তি ৷ লগতে ট্ৰাম্পৰ আগমণে আগ্ৰাৰ উন্নতি আৰু পৰ্যটন বিভাগত বহু প্ৰভাৱ পেলাৱ বুলিও মন্তব্য কৰে আগ্ৰাবাসীয়ে ৷

ABOUT THE AUTHOR

...view details