অসম

assam

ETV Bharat / bharat

শ্ৰীলংকা আক্ৰমণৰ পাচত সষ্টম গোৱা আৰক্ষী

দেওবাৰে শ্ৰীলংকাৰ গীৰ্জাত সংঘটিত বোমা বিস্ফোৰণৰ পাচত গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ চাৱাণ্টৰ নিৰ্দেশ মৰ্মে গোৱা আৰক্ষী সঞ্চালক প্ৰণৱ নন্দাৰ নেতৃত্বত গীৰ্জাঘৰসমূহৰ নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰত সষ্টম হৈছে গোৱা আৰক্ষী৷

শ্ৰীলংকা আক্ৰমণৰ পাচত সষ্টম গোৱা আৰক্ষী

By

Published : Apr 22, 2019, 4:24 AM IST

নিউজ ডেস্ক,22 এপ্ৰিল : শ্ৰীলংকা আক্ৰমণৰ পাচত কটকটীয়া কৰি তোলা হৈছে গোৱাৰ গীৰ্জাঘৰৰ নিৰাপত্তা ব্যৱস্থা৷ দেওবাৰে শ্ৰীলংকাৰ গীৰ্জাত সংঘটিত বোমা বিস্ফোৰণৰ পাচত গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ চাৱাণ্টৰ নিৰ্দেশ মৰ্মে গোৱা আৰক্ষী সঞ্চালক প্ৰণৱ নন্দাৰ নেতৃত্বত গীৰ্জাঘৰসমূহৰ নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰত সষ্টম হৈছে গোৱা আৰক্ষী৷

উল্লেখ্য যে,শ্ৰীলংকাৰ বিস্ফোৰণত শতাধিক লোক নিহত হোৱাৰ লগতে চাৰিশৰো অধিক লোক আহত হয়৷ ইষ্টাৰ চানডেৰ প্ৰাৰ্থনাৰ সময়তে শ্ৰীলংকাৰ তিনিটাকৈ গীৰ্জাঘৰ আৰু তিনিখন হোটেলত পুৱা প্ৰায় 8 বাজি 45 মিনিটত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা ৷ শ্ৰীলংকাৰ ৰাজধানী কলম্বো ছেইণ্ট এন্থনীৰ এটা গীৰ্জাঘৰ আৰু নেঘ'ম্বৰ দুটাকৈ গীৰ্জাঘৰত বিস্ফোৰণ ঘটে ৷ আত্মঘাতী বোমাৰুৱে এই ঘটনা সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details