নেশ্যনেল ডেস্ক, 24 ডিচেম্বৰঃসদ্যসমাপ্ত ঝাৰখণ্ড বিধানসভা নিৰ্বাচনক লৈ এয়া অত্যাধিক সমকালীন মহত্বপূৰ্ণ বুলি উল্লেখ কৰে কংগ্ৰেছৰ অন্তৱৰ্তী সভানেত্ৰী ছোনীয়া গান্ধীয়ে ৷ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে বেয়াকৈ মুখথেকেচা খোৱাৰ পিচতে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে ৷
লগতে পঢ়কঃ ঝাৰখণ্ডত জেএমএম মিত্ৰজোঁটৰ চৰকাৰ
ঝাৰখণ্ড নিৰ্বাচনত কংগ্ৰেছ,ঝাৰখণ্ড মুক্তি মৰ্চা আৰু ৰাষ্ট্ৰীয় জনতা দলৰ মিত্ৰজোঁটে সৰ্বমুঠ 71খন আসন লাভ কৰিবলৈ সক্ষম হয় ৷ ঝাৰখণ্ড মুক্তি মৰ্চাই 30খন,কংগ্ৰেছে 16খন আৰু ৰাষ্ট্ৰীয় জনতা দলে এখন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে 25খন আসন লাভ কৰে ৷ নিৰ্বাচনত জয়লাভৰ পিচতেই এই জয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ অন্তৱৰ্তী সভানেত্ৰী ছোনিয়া গান্ধীয়ে কয়, "এই জয় বিশেষ আৰু ইয়াৰ অত্যাধিক সমকালীন মহত্ব আছে ৷ বিজেপিৰ বিভাজনকামী নীতিক প্ৰতিহত কৰাৰ বাবে ঝাৰখণ্ডবাসীক মই ধন্য়বাদ জ্ঞাপন কৰিছো ৷ এই মতদানৰ দ্বাৰাই ৰাইজে জাতি আৰু ধৰ্মৰ ভিত্তিত বিজেপিয়ে সৃষ্টি কৰা বিভাজনৰ নীতিক ওফৰাই দিয়াৰ বাবে আপোনালোক ধন্যবাদৰ পাত্ৰ ৷"
লগতে পঢ়কঃ CAAৰ বিৰুদ্ধে পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ অভিনৱ প্ৰতিবাদ
উল্লেখ্য যে,ঝাৰখণ্ড মুক্তি মৰ্চা নেতৃত্বাধীন কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলৰ মিত্ৰজোঁটে ঝাৰখণ্ডত চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হোৱা 47 খন আসন লাভ কৰিবলৈ সক্ষম হৈছে ৷