নিউজ ডেস্ক, ১ জুনঃবলিউডৰ জনপ্ৰিয় সুৰকাৰ,গায়ক তথা সংগীত পৰিচালক ৱাজিদ খানৰ মৃত্যুয়ে শোকস্তদ্ধ কৰিছে সমগ্ৰ বলিউড জগত। পূৰ্বৰ পৰা হৃদৰোগ আৰু বৃক্কৰোগত আক্ৰান্ত শিল্পী গৰাকীৰ শেহতীয়াকৈ মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ দেহাৱসান ঘটে ।
শিল্পী গৰাকীৰ অন্তিম সৎকাৰ তথা জানাজাত উপস্থিত থাকে ভাতৃ ছাজিদ খান। মুম্বাইৰ ৱৰ্ছভা কবৰস্থানত ধৰ্মীয় সকলো ৰীতি-নীতি অনুসৰি কবৰ দিয়া শিল্পী গৰাকীক। সদ্য প্ৰয়াত অভিনেতা ইমৰান খানকো ৱৰ্ছভা কবৰস্থানত কৱৰ দিয়া হৈছিল ।