নিউজ ডেস্ক, ৪ মে' :শ্ৰমিক স্পেচিয়েল ট্ৰেইনক লৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত শীতল যুদ্ধ অব্য়াহত আছে । কংগ্ৰেছৰ প্ৰতিক্ৰিয়াৰ পিচতে বিজেপিয়ে নিজৰ প্ৰত্য়ুত্তৰ প্ৰদান কৰিছে । ৰাহুল গান্ধীকে ধৰি ছোনিয়া গান্ধীয়ে শ্ৰমিকসকলৰ পৰা ৰেল বিভাগে টিকটৰ ভাড়া সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল । কংগ্ৰেছে ইয়াৰ বাবে প্ৰতিখন প্ৰদেশ কমিটীক প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক চোৱাচিতা কৰিবলৈ আহ্বান জনাইছিল ।
ৰাহুল গান্ধীৰ টুইটৰ পিচতে সক্ৰিয় বিজেপি, শ্ৰমিকৰ ভাড়া ৰেহাই দিয়াৰ প্ৰসংগ উত্থাপন - ৰাহুল গান্ধী
প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ পৰা ৰেলৰ ভাড়া সংগ্ৰহ কৰাক লৈ কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিচতে প্ৰত্যুত্তৰ প্ৰদান কৰিছে বিজেপিয়ে । বিজেপিয়ে শ্ৰমিকৰ ভাড়াৰ ৮৫ শতাংশ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰাৰ লগতে বাকী ১৫ শতাংশ ৰাজ্য চৰকাৰে প্ৰদান কৰিব বুলি প্ৰকাশ কৰিছে ।
বিজেপিয়ে ইয়াৰ প্ৰত্যুত্তৰ প্ৰদান কৰিছে । সেই অনুসৰি, প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ টিকটৰ ভাড়া ৮৫শতাংশ কেন্দ্ৰ চৰকাৰে প্ৰদান কৰাৰ লগতে বাকী ১৫ শতাংশ ৰাজ্য চৰকাৰে বহন কৰিব বুলি প্ৰকাশ কৰিছে বিজেপিয়ে । আনহাতে বিজেপিৰ মুখপাত্ৰ সম্ভিত পাত্ৰই সংশ্লিষ্ট ৰাজ্যসমূহে সম্পূৰ্ণ ভাড়া প্ৰদান কৰিব পাৰিব বুলিও উল্লেখ কৰিছে । ইতিমধ্যে মধ্যপ্ৰদেশ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু দেশৰ বাকী কংগ্ৰেছ শাসিত ৰাজ্যসমূহক এই নীতি পালন কৰিবলৈ কয় পাত্ৰই । টুইট কৰি এই কথা প্ৰকাশ কৰে সম্ভিত পাত্ৰই ।