অসম

assam

ETV Bharat / bharat

সীমা বিবাদৰ অন্তত চুলচুলত বিৰল লেফ্টেনেণ্ট জেনেৰেল স্তৰীয় বৈঠকত মিলিত ভাৰত-চীন - ভাৰত-চীনৰ মাজত চলি থকা সংঘাত

Line of Actual Control (LAC)ত ভাৰত-চীনৰ মাজত বৃদ্ধি পোৱা উত্তেজনাক লৈ জ্যেষ্ঠ সংবাদ দাতা সঞ্জীৱ কুমাৰ বৰুৱাই বেইজিং আৰু দিল্লীৰ মাজৰ বিৰল লেফ্টেনেণ্ট জেনেৰেলসকলৰ সৈতে বাৰ্তালাপ কৰে ।

লেফ্টেনেণ্ট জেনেৰেল স্তৰীয় বৈঠকত মিলিত ভাৰত-চীন
লেফ্টেনেণ্ট জেনেৰেল স্তৰীয় বৈঠকত মিলিত ভাৰত-চীন

By

Published : Jun 3, 2020, 7:40 PM IST

নেশ্যনেল ডেস্ক, ৩ জুন: ভাৰত-চীনৰ সীমাৰেখা LACত দুয়োখন দেশৰ মাজত চলা উত্তেজনাক লৈ এইবাৰ দুয়োখন দেশৰ লেফ্টেনেণ্ট জেনেৰেলসকলে আলোচনাত মিলিত হোৱাৰ কথা পোহৰলৈ আহিছে । এগৰাকী জ্যেষ্ঠ সেনা বিষয়াই ই টিভি ভাৰতক জনোৱা অনুসৰি, বিশ্বৰ দুই বৃহত্তম সেনাবাহিনীৰ প্ৰতিনিধি মণ্ডলৰ লেফ্টেনেণ্ট জেনেৰেলসকলে চুচুলত একেলগে আলোচনাত মিলিত হ'ব ।

লেফ্টেনেণ্ট জেনেৰেল স্তৰীয় বৈঠকত মিলিত ভাৰত-চীন

এই আলোচনা পূৱ লাডাখত ভাৰত-চীনৰ মাজত চলি থকা সংঘাত নিৰ্মূলৰ বাবে সম্পন্ন কৰা হ'ব । উল্লেখ্য যে, ২০১৩ চনৰ অক্টোবৰ মাহত দুয়োখন ৰাষ্ট্ৰৰ মাজত সীমা ৰক্ষাক লৈ হোৱা চুক্তিত লেফ্টেটেণ্ট জেনেৰেলসকলে মত বিনিময় কৰিছিল । ইয়াৰ পিছতে চলিত বৰ্ষৰ ৮-৯ জানুৱাৰীত উত্তৰসূৰী কামাণ্ডৰ মুখ্য লেফ্টেনেণ্ট জেনেৰেল ৰণবীৰ সিঙে পি.এল.এ. জেনেৰেল হান ৱেংগুৱো আৰু বেইজিঙত পশ্চিমসূৰী থিয়েটাৰ কামাণ্ডৰ কামাণ্ডো জেনেৰেল ঝাও জোংগকীৰ সৈতে মত বিনিময় কৰে ।

লগতে পঢ়ক: আগন্তক নিৰ্বাচনৰ বাবে সাজু বিৰোধী দল কংগ্ৰেছ

ABOUT THE AUTHOR

...view details