অসম

assam

ETV Bharat / bharat

সীমা বিবাদৰ মাজতে ভাৰত-চীনে আয়োজন কৰিব লেফ. জেন. স্তৰীয় বৈঠক - লেফটেন্টে জেনাৰেল স্তৰীয় আলোচনা

ভাৰত-চীনৰ মাজত সীমা বিবাদক লৈ উত্তেজনা বৰ্তি থকাৰ সময়তে দুয়োখন দেশৰ সেনা-বাহিনীয়ে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ বেইজিং আৰু দিল্লীৰ মাজত লেফটেনেন্টে জেনেৰেল স্তৰৰ আলোচনাৰ কথা সামৰি জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ বৰুৱাৰ এই প্ৰতিবেদন ৷

After border brawls, India-China scale-up talks to 'rare' Lt Gen-level at Chulshul
After border brawls, India-China scale-up talks to 'rare' Lt Gen-level at Chulshul

By

Published : Jun 3, 2020, 4:25 PM IST

নতুন দিল্লী, 3 জুনঃ অভূতপূৰ্ব সময়ে অভূতপূৰ্ব উপায়ৰ সূচনা কৰে । প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সৃষ্টি হোৱা ভাৰত-চীনৰ বিবাদৰ অৱসান ঘটোৱাৰ বাবে লেফটেনেন্টে জেনেৰেল স্তৰীয় এক আলোচনা অনুষ্ঠিত হোৱাৰ কথা পোহৰলৈ আহিছে । শনিবাৰে বিশ্বৰ দুটাকৈ বৃহৎ সেনাৰ প্ৰতিনিধিমণ্ডল, পূৰ্বীয় লাডাখৰ স্পংগুৰ গেপৰ কাষত চুশুলত আলোচনাত মিলিত হ'ব বুলি জানিব পৰা গৈছে । এই বৈঠকত দুয়োখন দেশৰ সেনাৰ লেফটেনেন্টে জেনেৰেল স্তৰীয় বিষয়াসকলে অংশগ্ৰহণ কৰিব ।

ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপত এগৰাকী জ্যেষ্ঠ সেনাবিষয়াই এনেধৰণৰ বৈঠক ভাৰত-চীন সীমা বিবাদকলৈ পূৰ্বতে কেতিয়াও হোৱা নাই বুলি উল্লেখ কৰে । এই বাৰ্তালাপত দুয়োখন দেশৰ মাজত থকা সীমা বিবাদক অৱসান ঘটোৱাই মুখ্য লক্ষ্য হ'ব বুলি জানিবলৈ দিয়ে । সীমান্তত হোৱা সংঘৰ্ষৰ পাচতেই পূৱ লাডাখৰ চাৰিটা পইণ্টত বৃহৎ সংখ্য়ক সেনা, যান বাহন, আৰ্টিলাৰী অৱস্থান কৰা হৈছিল ।

2013 চনৰ অক্টোবৰ মাহত দুয়োখন দেশৰ মাজত সীমান্ত প্ৰতিৰক্ষা সহযোগিতা স্বাক্ষৰিত চুক্তিৰ (BDCA) অধীনত লেফটেনেন্টে জেনেৰেল পদযুক্ত বিষয়াই সামৰিক থিয়েটাৰত ইজনে-সিজনৰ সৈতে মত-বিনিময় কৰিব ।

এনে ধৰণৰ ব্যস্ততা শেষবাৰৰ বাবে চলিত বৰ্ষৰ 8-9 জানুৱাৰীত হৈছিল । য'ত ভাৰতীয় সেনাৰ তদানীন্তন নৰ্থাৰ্ণ কমাণ্ডাৰ জিঅ'চি লেফটেনেন্ট জেনেৰেল ৰণবীৰ সিঙে বেইজিংত পিএলএ জেনেৰেল হান ৱেংগু আৰু জেনেৰেল ঝাও জংকি, কামাণ্ডাৰ অফ ৱেষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডত আলোচনাত মিলিত হৈছিল । গ্ৰাউণ্ড ফৰ্চেছ সহ পিএলএৰ ৱেষ্টাৰ্ণ থিয়েটাৰ কমাণ্ড ভাৰতৰ সৈতে এই ফ্ৰণ্টৰ বাবে দায়ৱদ্ধ আছিল । জানুৱাৰীৰ এই বৈঠক 2018 জুলাইৰ প্ৰথম সপ্তাহত ভাৰতত পশ্চিম থিয়েটাৰ কমাণ্ডৰ দুই নম্বৰ লেফটেনেণ্ট জেনেৰেল লিউ জিয়াউউয়েৰ পৰিদৰ্শন কৰাৰ বাবে এটি পৰস্পৰ সন্মান আছিল ।

সামগ্ৰিক কনফিডেঞ্চ বিল্ডিং মিজাৰ্ছৰ (CBMs)ৰ অধীনত পাঁচটা অন্তনিৰ্হিত প্ৰক্ৰিয়া বাহিৰে এই স্তৰৰ ব্যস্ততা 3,488 কিলোমিটাৰ দীৰ্ঘ সীমান্ত বিবাদ নিষ্পত্তি কৰাৰ বাবে উভয় দেশৰ মাজত সন্মত হয় ।

ABOUT THE AUTHOR

...view details