অসম

assam

ভাটপাৰাৰ পিচত এইবাৰ দুৰ্গাপুৰত বোমা উদ্ধাৰ

By

Published : Jun 25, 2019, 10:45 AM IST

এটা নিৰ্মীয়মান অট্টালিকাৰ পৰা উদ্ধাৰ কৰা হয় ১৮ টা বোমা

ভাটপাৰাৰ পিচত এইবাৰ দুৰ্গাপুৰত বোমা উদ্ধাৰ

পশ্চিমবংগ, ২৫ জুনঃ সোমবাৰে পশ্চিমবংগৰ ভাটপাৰা অঞ্চলত 60 টা ক্ৰুড বোমা উদ্ধাৰ হোৱাৰ পিচতে মঙলবাৰে পুনৰ ১৮ টা ক্ৰুড বোমা উদ্ধাৰ কৰে কলিকতা আৰক্ষীয়ে । পশ্চিমবংগৰ দুৰ্গাপুৰ চহৰৰ পৰা উদ্ধাৰ কৰা হয় বোমাখিনি ।

গোপন সূত্ৰযোগে এটা নিৰ্মীয়মান অট্টালিকাত ১৮ টা বোমা লুকাই ৰখাৰ খবৰ পোৱাৰ পিচতে আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰা হয় বোমাখিনি । অট্টালিকাটোত থকা দুটা ড্ৰামৰ ভিতৰত লুকাই থোৱা হৈছিল বোমাকেইটা । ইতিমধ্যে বোমা বিশেষজ্ঞৰ জড়িয়তে নিস্ক্ৰীয় কৰা হৈছে বোমাকেইটা ।

আনহাতে, ইয়াৰ পূৰ্বে 20 জুনত ভাটপাৰা অঞ্চলত দুটা পক্ষৰ কৰ্মীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল ৷ এই সংঘৰ্ষত দুজন লোক নিহত হোৱাৰ বিপৰীতে 11 জন ব্যক্তি আহত হৈছিল ৷ সংঘৰ্ষত লিপ্ত হোৱা লোকসকল তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details