অসম

assam

ETV Bharat / bharat

বিমান মন্ত্ৰীৰ পৰামৰ্শ অনুসৰিয়েই টিকট বুকিং বন্ধ কৰিছে এয়াৰ ইণ্ডিয়াই - lock down

এয়াৰ ইণ্ডিয়া বিমান সেৱা প্ৰতিষ্ঠানটোৱে বৰ্তমানেও কোনো ধৰণৰ টিকট বুকিং কৰা নাই বুলি দেওবাৰে সদৰী কৰে বিমান সেৱা প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াই । আনহাতে,লক ডাউনৰ পূৰ্বে বুকিং কৰা টিকট নাকচ কৰাৰ লগতে টিকটৰ মূল্য ভৱিষ্যতে কৰা যাত্ৰাত ক্ৰেডিট ভাউচাৰৰ জৰিয়তে লাভ কৰিব বুলি সদৰী কৰে বিমান সেৱা প্ৰতিষ্ঠানটোৱে ।

এয়াৰ ইণ্ডিয়া
বিমান মন্ত্ৰীৰ পৰামৰ্শ অনুসৰিয়েই টিকট বুকিং বন্ধ কৰিছে এয়াৰ ইণ্ডিয়াই

By

Published : Apr 19, 2020, 8:38 PM IST

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ সমগ্ৰ দেশজুৰি চলা লক ডাউনৰ বাবেই বন্ধ হৈ আছে এয়াৰ ইণ্ডিয়াৰ বুকিং । কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰী হৰদ্ধীপ সিং পুৰীৰ পৰামৰ্শ তথা কেন্দ্ৰীয় চৰকাৰৰ আদেশ অনুযায়ীহে বিমান সেৱা প্ৰতিষ্ঠানটোৱে পুনৰ সেৱা আগবঢ়াব বুলি দেওবাৰে জানিবলৈ দিয়ে বিমান সেৱা প্ৰতিষ্ঠানটোৰ এগৰাকী বিষয়ববীয়াই ।

বিমান মন্ত্ৰীৰ পৰামৰ্শ অনুসৰিয়েই টিকট বুকিং বন্ধ কৰিছে এয়াৰ ইণ্ডিয়াই

দেওবাৰে এয়াৰ ইণ্ডিয়াৰ বিষয়ববীয়াই কয় যে,"আমি এতিয়া সকলো ধৰণৰ বিমান সেৱাৰ বুকিং বন্ধ কৰিছো । আৰু যি সকলে ইতিমধ্যে টিকট বুকিং কৰিছিল তেনে যাত্ৰীসকলৰ টিকটৰ টকা ক্ৰেডিট ভাউচাৰৰ জৰিয়তে ভৱিষ্যতে কৰা যাত্ৰাত টকা লাভ কৰিব বুলি সদৰী কৰে কৰে বিমান প্ৰতিষ্ঠানটোৱে ।

উল্লেখ্য যে,এয়াৰ ইণ্ডিয়াই ৩ এপ্ৰিল তথা লক ডাউন চলি থকা সময়তে ঘোষণা কৰিছিল যে,বিমান সেৱা প্ৰতিষ্ঠানটোৱে ৩০ এপ্ৰিল পৰ্যন্ত সকলো ধৰণৰ তথা আভ্যন্তৰীণ আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ টিকট বুকিং বন্ধ কৰিছে ।

আনহাতে, ১৮ এপ্ৰিল শনিবাৰে এয়াৰ ইণ্ডিয়াৰ ৱেবছাইটত এটি বিজ্ঞপ্তি প্ৰকাশ কৰে যে,এয়াৰ ইণ্ডিয়াই ৪ মে', ২০২০ৰ পৰা আভ্যন্তৰীণ আৰু ১ জুন ২০২০ৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ টিকট বুকিং আৰম্ভ কৰিব ।

লগতে চাওকঃ অত্যাৱশ্যকীয় নোহোৱা সামগ্ৰীৰ বিক্ৰীত বাধা চৰকাৰৰ

ABOUT THE AUTHOR

...view details