নিউজ ডেস্ক, 23 অক্টোবৰ :ধৰ্মীয় ৰূপান্তৰ কৰি বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰাৰ অভিযোগত গাজিয়াবাদৰ বাল্মীকি সম্প্ৰদায়ৰ 236 গৰাকী সদস্যৰ ওপৰত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত গোচৰ ৰুজু কৰিছে ৷
অভিযোগ অনুসৰি,মন্টু চাণ্ডেল নামৰ লোকজনে বাল্মীকি জাতি ভিত্তিক হিংসা কঢ়িওৱা আৰু বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷
আৰক্ষীয়ে ধাৰা 153-A (ধৰ্ম,জাতি,জন্মস্থান,বাসস্থান,ভাষা আদিৰ বাবে বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰা আৰু সমন্বয় ৰক্ষণাবেক্ষণৰ বাবে অপৰাধ কৰা কাম) আৰু 505 (যিকোনো শ্ৰেণী বা ব্যক্তি বা সমাজৰ বিৰুদ্ধে কোনো অপৰাধ কৰাৰ উদ্দেশ্যৰে প্ৰকাশ বা প্ৰচাৰ কৰা) অধীনত গোচৰ ৰুজু কৰিছে ৷