অসম

assam

ETV Bharat / bharat

নিয়ন্ত্ৰণৰেখাত ধাৰাবাহিকভাৱে যুদ্ধবিৰতি চুক্তি উলংঘন - Cease Fire Violation

সংবাদ প্ৰতিষ্ঠান এ এন আইত প্ৰকাশ পোৱা তথ্য অনুসৰি ৰাজ্যখনৰ পুঞ্চ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত হোৱা ধাৰাবাহিক গুলীবৰ্ষণৰ ফলত জিলাখনৰ ১১টাকৈ পৰিয়ালৰ সৰ্বমুঠ ৪৯ গৰাকী লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হয় ।

যুদ্ধবিৰতি চুক্তি উলংঘণ

By

Published : Mar 6, 2019, 11:25 PM IST


নিউজ ডেস্ক, ৬ মাৰ্চঃ পাকিস্তানৰ সৈতে সীমান্তত বৃদ্ধি পোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বলি হৈছে জম্মু কাশ্মীৰৰ সাধাৰণ জনতা । ১৪ ফেব্ৰুৱাৰীৰ আত্মঘাতী আক্ৰমণৰ পিচতেই ভাৰত-আৰু পাকিস্তানৰ মাজত ক্ৰমাগত হাৰে উলংঘণ হৈ আছে যুদ্ধবিৰতি চুক্তি ।

যুদ্ধবিৰতি চুক্তি উলংঘণ

সীমান্ততহোৱা যুদ্ধবিৰতি চুক্তি উলংঘণৰ কুফল ভোগ কৰিছে জম্মু কাশ্মীৰৰ সাধাৰণ জনতাই । সংবাদ প্ৰতিষ্ঠান এ এন আইত প্ৰকাশ পোৱা তথ্য অনুসৰি ৰাজ্যখনৰ পুঞ্চ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত হোৱা ধাৰাবাহিক গুলীৱৰ্ষণৰ ফলত জিলাখনৰ ১১টাকৈ পৰিয়ালৰ সৰ্বমুঠ ৪৯ গৰাকী লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হয় । সেনাৰ দ্বাৰা স্থাপিত শৰনাৰ্থী শিবিৰলৈ এইসকল লোকক স্থানান্তৰিত কৰা হয় ।

উল্লেখ্য যে, নিয়ন্ত্ৰণৰেখাৰ সীপাৰৰ পৰা হৈ থকা ধাৰাবাহিক যুদ্ধবিৰতি উলংঘণে সীমান্তৱৰ্তী অঞ্চলতসমূহত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিছে । ইতিমধ্যে ৰাজ্যখনৰ পুঞ্চ আৰু ৰাজৌৰী জিলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত ৪০০টা বাংকাৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰাৰ লগতে সীমান্তৱৰ্তী বিভিন্ন অঞ্চলৰ বিদ্যালয়সমূহত বন্ধ হৈ আছে পাঠদান প্ৰক্ৰিয়া ।

যুদ্ধবিৰতি চুক্তি উলংঘণ

ভাৰতীয় সেনাৰ তৰফৰ পৰাও পাকিস্তানক সমূচিত প্ৰত্যুত্তৰ প্ৰদান কৰি থকা হৈছে । আনহাতে ৰাজ্যখনৰ বিভিন্ন স্থানত পাকিস্তানৰ দ্বাৰা হোৱা গুলীচালনাত বহুকেইগৰাকী লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বহুলোকে ঘৰ এৰি পলাই যাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে । সমগ্ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে সেনাই এইদৰে জিলাখনৰ সীমান্তৱৰ্তী অঞ্চলত বাস কৰা লোকসকলক শৰণাৰ্থী শিবিৰলৈ স্থানান্তৰিত কৰিছে ।

ABOUT THE AUTHOR

...view details