অসম

assam

ETV Bharat / bharat

এনকেফেলাইটিছঃ বিহাৰত নিহত শিশুৰ সংখ্যা 173 লৈ বৃদ্ধি - নিহত শিশুৰ সংখ্যা বৃদ্ধি

বিহাৰত এনকেফেলাইটিছৰ আতংক ৷ প্ৰতিদিনে বৃদ্ধি পাইছে নিহত শিশুৰ সংখ্যা ৷

বিহাৰত এনকেফেলাইটিছৰ আতংক

By

Published : Jun 21, 2019, 3:24 PM IST

নিউজ ডেস্ক, 21 জুন :বিহাৰত প্ৰতিদিনে বৃদ্ধি পাইছে এনকেফেলাইটিছত আক্ৰান্ত হৈ নিহত শিশুৰ সংখ্যা ৷ বিগত 20 দিনত এনকেফেলাইটিছত আক্ৰান্ত হৈ 479 গৰাকী লোক চিকিৎসালয়ত ভৰ্তি হোৱাৰ বিপৰীতে বিহাৰৰ মুজাফাৰপুৰৰ লগতে কাষৰীয়া জিলাত নিহতৰ সংখ্যা 173 লৈ বৃদ্ধি পায় ৷

বিহাৰত এনকেফেলাইটিছৰ আতংক

বৃহস্পতিবাৰে নিশাও ৰাজ্যখনৰ শ্ৰী কৃষ্ণ মেডিকেল কলেজ হাস্পতালত মৃত্যু ঘটে 5 টাকৈ শিশুৰ ৷ ইপিনে 13 গৰাকী আক্ৰান্তক হাস্পতালখনত আৰু 5 গৰাকীক ভৰ্তি কৰোৱা হয় কেজিৰৱাল হাস্পতালত ৷ যাৰ বাবে এতিয়া ৰাজ্যখনৰ সকলো হাস্পতালকে অনাগত 24 ঘন্টালৈ অধিক সষ্টম ৰূপত থকাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

ইতিমধ্যে পৰিস্থিতিলৈ লক্ষ্য ৰাখি চৰকাৰী হাস্পতালসমূহত এনকেফেলাইটিছত আক্ৰান্ত ৰোগীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ৷ লগতে নিহত শিশুৰ পৰিয়াললৈ 4 লাখ টকাৰ এককালীন আৰ্থিক সাহাৰ্যৰো ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details