অসম

assam

ETV Bharat / bharat

বিহাৰত এনকেফেলাইটিছৰ বিভীষিকা - একিউট এনকেফেলাইটিছ

ঘৰে-ঘৰে গৈ পৰিস্থিতিৰ বুজ ল'ব প্ৰশাসনে৷

বিহাৰত এনকেফেলাইটিছৰ বিভীষিকা

By

Published : Jun 19, 2019, 12:25 PM IST

নিউজ ডেস্ক, 19 জুন : বিহাৰত বিভীষিকাৰ সৃষ্টি কৰা একিউট এনকেফেলাইটিছৰ প্ৰতিৰোধৰ বাবে প্ৰশাসনৰ নতুন পদক্ষেপ৷ ঘৰে-ঘৰে এনকেফেলাইটিছৰ আক্ৰান্ত শিশুক পৰিস্থিতিৰ বুজ লোৱাৰ বাবে উপস্থিত হ'ব চিকিৎসকৰ দল৷ এনকেফেলাইটিছৰ সুৰক্ষা, প্ৰতিষেধক আৰু ঘৰুৱা প্ৰতিৰোধৰ সম্পৰ্কে জনসাধাৰণক অৱগত কৰাৰ উদ্দেশ্যে উপস্থিত হ'ব বিশেষজ্ঞ চিকিৎসকৰ দল৷

বিহাৰত এনকেফেলাইটিছৰ বিভীষিকা

মঙলবাৰে এক সংবাদ মেলযোগে এই কথা প্ৰকাশ কৰে বিহাৰৰ মুখ্য সচিব দীপক কুমাৰে৷ ইতিমধ্যেই আশা কৰ্মী আৰু এ এন এম নাৰ্চ আৰু অংগনবাদী কৰ্মী সকলক এনকেফেলাইটিছৰ প্ৰতিৰোধৰ বিষয়ে সাধাৰণ জনসাধাৰণৰ মাজত সতৰ্কতা প্ৰচাৰৰ বাবে নিয়োজিত কৰিছে বিহাৰ প্ৰশাসনে৷ বিহাৰত একিউট এনকেফেলাইটিছৰ কবলত ইতিমধ্যেই মৃত্যুক সাৱটিছে 112 টাতকৈ অধিক শিশুৱে৷ বৰ্তমানেও ৰাজ্যখনত এনকেফেলাইটিছত আক্ৰান্ত হৈছে সহস্ৰাধিক শিশু৷

ABOUT THE AUTHOR

...view details